পুনৰ আৰম্ভ এইদেশৰ স্বৰ্ণীল জয়যাত্ৰা

Relaunching AIIDESH

পুনৰ আৰম্ভ এইদেশৰ স্বৰ্ণীল জয়যাত্ৰা
Jadav Payeng, 15 Aug 2017, Revealing AIIDESH logo
পুনৰ আৰম্ভ এইদেশৰ স্বৰ্ণীল জয়যাত্ৰা
পুনৰ আৰম্ভ এইদেশৰ স্বৰ্ণীল জয়যাত্ৰা

অসমীয়া জাতীয় জীৱনৰ অন্যতম স্বাভিমান মহাবাহু ব্ৰহ্মপুত্ৰক সাক্ষী কৰি অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পাযেঙৰ হাতৰ পৰশত শুভ উ্ম্মোচন হোৱা অসমৰ প্ৰথমটো OTT নিউজ পৰ্টেল, সংবাদ গোষ্ঠীৰ-এই দেশ-ৰ পুনৰ আৰম্ভ হৈছে স্বৰ্ণীল জয়যাত্ৰা।অত্যাধুনিক তথ্য প্ৰযুক্তিৰে সমৃদ্ধ এই সংবাদ চেনেলটোৰ নেতৃত্ব প্ৰদান কৰিছে অসমৰ সংস্কৃতি জগতখনৰ এক চিনাকী নাম-ৰূপম শইকীয়া। আনহাতে অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় লেখক, সাংবাদিক তথা নেইমচ গ্ৰুপ অৱ কলেজৰ প্ৰশাসনিক বিষয়া ৰুবুল মাইবেলাই চেনেলটোৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে। অসমৰ সংবাদ জগতত একেবাৰে নব্য তথ্য-কৌশল প্ৰয়োগেৰে জয়যাত্ৰা আৰম্ভ কৰা চেনেলটোৰ সৈতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহুকেইটা সংবাদ প্ৰতিষ্ঠান সংলগ্ন হোৱা বুলি জানিব পৰা গৈছে।