নুমলীগড় চাহ বাগিচাত বনৰীয়া হাতীৰ মৃত্যু : এতিয়াও মত্যুৰ কাৰণ জানিব পৰা হোৱা নাই :

Ankur Nahak : Aiidesh News :  9 March 2024 : 

বনৰীয়া হাতীৰ বিচৰণ থলী হিচাবে পৰিগনিত নুমলীগড় চাহ বাগিচাৰ ১৭ নম্বৰ লাইনত আজি পুৱাতে এটা বনৰীয়া হাতীৰ মৃত্যু হয় । মৃত হাতীটো বাগিচা খনত বিচৰণ কৰি ফুৰা হাতীৰ জাকৰ মাজৰেই এটা বুলি জনাইছে স্থানীয় লোকে ৷ স্থানীয় লোকে সৰ্প দংশনৰ ফলতেই মতা দঁতাল হাতীটোৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ কৰিলেও হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ ন দহ বছৰীয়া দঁতাল মৃত হাতীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে নুমলীগড় খণ্ড বন কাৰ্যলয়ত খবৰ দিয়াত ঘটনাস্থলীত গৈ বনকৰ্মী উপস্থিত হয় ৷ নুমলীগড় খণ্ড বন কাৰ্যলয়ে ঘটনাৰ সম্পৰ্কত বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক ঘটনাৰ বিষয়ে অৱগত কৰাত কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত চাৰিজনীয়া উদ্ধাৰকাৰী দল নুমলীগড় চাহ বাগিছাৰ ১৭ নম্বৰ চাহ বাগিচাৰ ঘটনাস্থলিত গৈ উপস্থিত হয় ৷

হাতীৰ মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষাৰ পিচক ডা৹ ভাস্কৰজিত চৌধুৰীয়ে হাতীটোৰ মৃত্যুৰ কাৰণ সৰ্প দংশনতকৈ ভায়'লজিকেল ইনফেকচনৰ বাবেও হ'ব পাৰে বুলি জনায় ৷ এই সম্পৰ্কত মৃত্যুৰ কাৰণ জানিবৰ বাবে হাতীটোৰ দেহাংশৰ নমুনা গৱেষণাগাৰৰ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ এই নমুনাৰ পৰা দুটা মান পৰীক্ষা কৰাৰ পাচতহে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি জনায় জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীয়ে ৷ 

********