বোকাখাতৰ বহিখোৱা পথাৰৰ পৰা শগুন উদ্ধাৰ : বিহ ক্ৰিয়া হোৱাৰ সন্দেহ : বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে শগুনটোৰ :

বোকাখাতৰ বহিখোৱা পথাৰৰ পৰা শগুন উদ্ধাৰ  : বিহ ক্ৰিয়া হোৱাৰ সন্দেহ : বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে শগুনটোৰ  :
Aiidesh Photo

Aiidesh News : 22 April 2024 :

বোকাখাতৰ বহিখোৱা পথাৰৰ পৰা আজি বিয়লি  এটা দুৰ্গত শগুন উদ্ধাৰ কৰে স্থানীয় যুৱকে ৷ জানিব পৰা মতে বহিখোৱা পথাৰত এটা মৰা ছাগলী ভক্ষণ কৰিছিল এই শগুনটোয়ে ৷ ম়ৃত ছাগলীৰ মাংস ভক্ষন কৰাৰ পিচতেই শগুনটোয়ে মাটিৰ পৰা উৰিব নোৱাৰা হোৱাৰ উপৰিও ভক্ষন কৰা ছগলীৰ মঙহো বমি কৰি উলিয়াই দিয়াৰ চেষ্টা কৰে ৷ শগুনটোৰ এই অৱস্থা নিৰীক্ষণ কৰি থকা গাওঁৰে যুৱক তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলত কৰ্মৰত বনকৰ্মী জুনকু বৰি আৰু স্থানীয় আকাশ কুটুমে শগুনটোৰ বিষয়ে বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক জনায় ৷ কেন্দ্ৰৰ  উদ্ধাৰকাৰী দলে ঘটনাস্থলীলৈ উপস্থিত হোৱাৰ পূৰ্বেই অৱশ হৈ শগুনটো মাটিত ঢলি পৰে ৷ বনকৰ্মী জুনকু বৰি আৰু আকাশ কুটুমে শগুনটো কৰায়ত্ব কৰি ইতিমধ্যেই ঘটনাস্থলী উপস্থিত হোৱা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰী দলক অৰ্পণ কৰে ৷ 

উল্লেখ্য যে মৃত ছাগলী ভক্ষণ কৰাৰ বাবেই শগুনটোৰ এনে অৱস্থা হোৱা বুলি জনায় উদ্ধাকাৰী যুৱকদ্বয়ে ৷ মৃত ছাগলীৰ শৰীৰত বিহ দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ এই বিহ ক্ৰিয়াৰ বাবেই শগুনটোৰ অৱস্থা সংকটজনক হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে পথাৰত পৰি ৰোৱা মৃত ছাগলীটোৰ দেহাৱশেষ সংগ্ৰহ কৰে বনবিভাগে ৷ সম্প্ৰতি উদ্ধাৰ কৰা শগুনটো বোকাখাতৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷

*******