বোকাখাতৰ পৌৰপতিৰ বিৰুদ্ধে এলানি অভিযোগেৰে অনাস্থা প্ৰস্তাৱ : পৌৰসভাত অচলাৱস্থা আৰু অসহযোগ ৱাৰ্ড সদস্যৰ : স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ :

বোকাখাতৰ পৌৰপতিৰ বিৰুদ্ধে এলানি অভিযোগেৰে অনাস্থা প্ৰস্তাৱ : পৌৰসভাত অচলাৱস্থা আৰু অসহযোগ ৱাৰ্ড সদস্যৰ  : স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ  :
Aiidesh Photo

Aiidesh News : 30 September - 2023  :

বোকাখাতৰ পৌৰপতিৰ স্বৈৰাচাৰিতাত অতিষ্ঠ হৈ পৌৰসভাখনৰ ১০ জন সদস্যৰ ৭ গৰাকী সদস্যই পৌৰপতি গৰাকীৰ অনাস্থা প্ৰকাশ কৰিছে ৷ এনে পটভুমিতে অলপতে বোকাখাত পৌৰসভাৰ ১ নং ৱাৰ্ডৰ  সদস্য প্ৰাঞ্জল বৰুৱাৰ বাসগৃহত অনুষ্ঠিত এক জৰুৰী বৈঠকত বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ বিৰুদ্ধে ১১ টাকৈ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ গ্ৰহন কৰে সদস্য সকলে ৷ এই অনাস্থা প্ৰস্তাৱত পৌৰসভাখনৰ ১০ গৰাকীৰ সদস্যৰ ৭ গৰাকীয়েই স্বাক্ষৰ কৰে ৷ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপিত হোৱাৰ পিচতেই অচলাৱস্থাৰ সৃষ্টি হৈছে বোকাখাত পৌৰসভাত ৷ যাৰ বাবে অনাস্থা প্ৰস্তাৱক লৈ মধ্যস্থতাকাৰী ৰূপত অৱতীৰ্ণ হৈছে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ৷

বোকাখাত পৌৰসভাৰ বিদ্ৰোহী সাতজন সদস্যৰ মতে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই নিজ ইচ্ছাৰে নিজৰ ৱাৰ্ডত অন্য ৱাৰ্ডতকৈ দুগুণ হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে পৌৰসভাখনৰ বাকী ৱাৰ্ড সদস্য সকল নিজ ৱাৰ্ডৰ হিতাধিকাৰীৰ সন্মুখত অপমানিত হৈছে । যাৰ বাবে পৌৰপতিৰ এনে স্বৈৰাচাৰিতাৰ প্ৰতিবাদ কৰে সদস্য সকলে ৷ ৱাৰ্ড সদস্য সকলৰ মতে পৌৰপতি গৰাকীয়ে পৌৰসভাৰ কাৰ্যালয় কক্ষত ৱাৰ্ড সদস্য বা সদস্যা সকলক মানসিকভাৱে অত্যাচাৰ কৰাৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰী সকলকো অশ্লীল গালি-গালাজ কৰাৰো প্ৰতিবাদ জনায় সদস্য সকলে ৷ 

একেদৰে বোকাখাত নগৰৰ লাচিত বজাৰৰ ট্রেন্সফর্মাৰ নিবিদা আহবানৰ ক্ষেত্ৰত নিম্ন হাৰৰ নিবিদাকাৰীৰ পৰিৱর্তে নিজ ইচ্ছাৰে উচ্চ হাৰৰ নিবিদাকাৰীক ট্রেন্সফর্মাৰ কাম অৰ্পন কৰাৰ ক্ষেত্ৰত পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই দুর্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিদ্ৰোহী ৱাৰ্ড সদস্য সকলে ৷ তেওঁলোকৰ মতে বোকাখাত পৌৰসভাৰ অন্তৰ্গত বোকাখাতৰ ঐতিহ্যমণ্ডিত বিজয় পুখুৰীত বিগত বৰ্ষৰ ১৫ আগষ্টত অনুষ্ঠিত হোৱা অমৃত সৰোৱৰ অনুষ্ঠানত পৌৰপতিৰ নেতৃত্বতেই খাদ্যৰ শিতানত বিত্তীয় কেলেংকাৰী সংঘৰ্টিত হৈছে ৷

ৱাৰ্ড সদস্য সকলে জনোৱা মতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আহবান কৰা নিবিদা খোলাৰ সময়ত ৱাৰ্ড সদস্য সকলক আন্ধাৰত ৰাখি পৌৰপতিয়ে স্বজন প্ৰীতিৰে নীতি বৰ্হিভুতভাৱে নিজৰ পত্নী, ভাগিন ভতিজাৰ  নামত নিবিদা আৱন্তন দিছে ৷ একেদৰে বোকাখাত পৌৰসভাৰ অন্তৰ্গত লতাবাৰীৰ ডিফলু নদীৰ সমীপত স্থায়ীভাৱে প্রতিমা বিসৰ্জন কৰাৰ স্থানত পকাৰ প্লেটফৰ্ম  নিৰ্মান কৰিবৰ বাবে অনুমোদিত পুঁজি পৌৰপতি গৰাকীয়ে সভাৰ অনুমোদন নোহোৱাকৈ ৯ নং ৱাৰ্ডত থকা তেওঁ বাসগৃহৰ সমুখৰ পথ নিৰ্মানত ব্যয় কৰে ৷ পৌৰপতিৰ এনে কাৰ্যৰো প্ৰতিবাদ কৰিছে ৱাৰ্ড সদস্য সকলে ৷

অভিযোগ মতে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই পৌৰসভাৰ ১০ টা বার্ডৰ উন্নয়নৰ ক্ষেত্ৰত আবণ্টিত কামসমূহ সম্পূর্ণ হোৱাৰ পিছত নাম ফলকত পৌৰপতি গৰাকীৰ নাম সংলগ্ন কৰিবলৈ বাধ্য কৰাইছে ৱাৰ্ড সদস্য সকলক ৷ সম্পূৰ্ণ হোৱা কামৰ ফলকত পৌৰপতিৰ নাম সন্নিবিষ্ট কৰিলেহে বিল সমুহ পৰিশোধ কৰিব বুলি পৌৰপতি গৰাকীয়ে ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৱাৰ্ড সদস্য সকলে ৷

বোকাখাত পৌৰসভাৰ সদস্য সকলে অনা অভিযোগ মতে বোকাখাত নগৰৰ মাজ মজিয়াত অৱস্থিত আৰু তিনিটা সন্থাৰ দ্বাৰা পৰিচালিত তিনিটা বেচৰকাৰী বাছ আস্থানৰ পৰা দুটা আস্থানক উচ্ছেদ কৰি মইমতালিৰে নিজৰ বাছ চলাচল কৰা আস্থানটো ৰাখিবৰ বাবে কমিটিৰ ওপৰত হেঁচা প্ৰয়োগ কৰে পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই ৷ আন এক অভিযোগ মতে পৌৰপতি গৰাকীয়ে তেওঁ ব্যক্তিগত বাহনত আশোক স্তম্ভ ব্যবহাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো অনুমোদন নাই যদিও নীতি বৰ্হিভুত ভাৱেই বোকাখাতৰ পৌৰপতিয়ে তেওঁৰ ব্যক্তিগত বাহনত অশোক স্তম্ভ ব্যৱহাৰ কৰিছে ৷

ইফালে পৌৰপতি গৰাকীয়ে তেওঁৰ নিজৰ পৰিচয় পত্ৰখন বোকাখাতৰ অতিৰিক্ত জিলা আয়ুক্তৰ পৰা স্বাক্ষৰ কৰি অনাৰ পিচত পৌৰসভাখনৰ উপ পৌৰপতি আৰু আন সদস্য সকলৰ পৰিচয় পত্ৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে সদস্য সকলে ক্ষোভি প্ৰকাশ কৰিছে । পৌৰ আইন মতে পৌৰপতিয়ে নিজস্বভাৱে বিভাগীয় পুঁজিৰ ৫ হেজাৰ টকালৈকেহে খৰছ কৰিব পাৰে যদিও বোকাখাতৰ পৌৰপতি গৰাকীয়ে কমিটিৰ অনুমোদন নোলোৱাকৈ বা বাজেট গ্ৰহন নোহোৱাকৈয়ে নিজৰ স্বৈৰাচাৰিতা আৰু নীতিবৰ্হিভূত ভাৱে বিভিন্ন কাম ৱাৰ্ড সদস্য সকলৰ অগোচৰে ৰূপায়ন কৰা কাৰ্যৰ প্ৰতিবাদো জনাইছে ৱাৰ্ড সদস্য সকলে ৷  

এইলানি অভিযোগৰ শেষত ৱাৰ্ড সদস্য প্ৰাঞ্জল বৰুৱাৰ বাসগৃহত অনুষ্ঠিত বৈঠকতে বোকাখাত পৌৰসভাৰ ৭ গৰাকী সদস্যই পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰি স্বাক্ষৰ প্ৰদান কৰে ৷ এই অনাস্থা প্ৰস্তাৱ বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰালৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিচতে বিধায়ক অতুল বৰাৰ গোলাঘাটৰ বাসগৃহত পৌৰসভাৰ সকলো সদস্যৰ উপস্থিতিত হোৱা আলোচনাত বোকাখাত পৌৰসভাৰ পৌৰপতিৰ ওপৰত অনা অনাস্থা প্ৰস্তাৱ সম্পকৰ্ত অতুল বৰাই শীঘ্ৰেই সিধান্ত গ্ৰহন কৰা হ'ব বুলি ৱাৰ্ড সদস্য সকলক আস্বাস প্ৰদান কৰে ৷

পৌৰসভাৰ গৰিষ্ঠ সংখ্যক সদস্যই অনাস্থা অনাৰ পিচত পৌৰপতি গৰাকী বিধিগতভাৱে অপসাৰিত হ'ব লাগে যদিও সম্প্ৰতি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপে বোকাখাত পৌৰসভাক কি ৰূপ দিয়ে সি হ'ব লক্ষনীয় ৷

*******