বোকাখাতত সদৌ অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা : নতুন সমিতি গঠন :

বোকাখাতত সদৌ অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী  সন্থাৰ সাধাৰণ সভা : নতুন সমিতি গঠন  :
Aiidesh photo

বোকাখাতত সদৌ অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী  সন্থাৰ সাধাৰণ সভা : নতুন সমিতি গঠন  :                  

Aiidesh Newsb :  30th August : 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সদৌ অসম কৰ্মচাৰী  সন্থাৰ সাধাৰণ সভা ৰবিবাৰৰ দিনা বোকাখাত নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসুচীৰ পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি ডা৹ মলয় কুমাৰ দাসে । স্মৃতি তৰ্পন কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই ৷ পৰৱৰ্তী  সময়ত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্ম্মা ৰাজখোৱাই । বিজিত কুমাৰ গোস্বামীয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে সভাপতি ডা৹ মলয় কুমাৰ দাসে । 

এউ সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মূখ্য কাৰ্যালয়ৰ আঁচনি প্ৰৱন্ধক জিন্টু মনি নাথ আৰু বি চি চি বিশেষজ্ঞ শিখা বৰঠাকুৰে মূখ্য অতিথি ৰূপে অংশ গ্ৰহন কৰে । ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই উদেশ্য বাখ্যা কৰা সভাখনত ৰাজ্য খনৰ ২৫ খন জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত প্ৰায় চাৰি শতাধিক কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে । 

সাধাৰণ সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ পূৰ্বৰ সমিতি খন ভংগ কৰি জিন্টুমনি নাথক সভাপতি, ৰাজীৱ  শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতি পৰৱৰ্ত্তী দুটা বছৰৰ বাবে গঠন কৰে । সভাত কৰ্মচাৰী সকলে ভোগী অহা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয় লগতে কৰ্মচাৰী সকলৰ দৰমহাৰ নিৰীখ নিৰূপন কৰি প্ৰদান, সামাজিক সুৰক্ষাৰ আওতালৈ অনা, কৰ্মৰত অৱস্থাত মূত্যু হোৱা  কৰ্মচাৰীৰ পৰিয়ালৰ যোগ্য ব্যক্তিক নিযুক্তি দিয়াৰ বিপৰীতে কৰ্মচাৰীৰ গৰাকীৰ পৰিয়াললৈ জীৱনৰ কৰ্মকালৰ নিয়মীয়া দৰমহা প্ৰদান কৰা আৰু কেচলেছ কাৰ্ড প্ৰদান কৰা আদি বিষয় সমূহ গুৰুত্ব সহকাৰে আলোচনা কৰা হয় । সভাই বিভাগীয় উৰ্দ্ধতম কৰ্তৃক্ষৰ লগত আলোচনা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয় সমূহ আলোচনা  কৰিবৰ বাবে নৱ নিৰ্বাচিত সমিতি খনক দায়িত্ব দিয়ে ।

*******