প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্প সংকলন জীৱন এচাইকেলৰ উন্মোচন :

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্প সংকলন জীৱন এচাইকেলৰ উন্মোচন  :
Aiidesh Photo
প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্প সংকলন জীৱন এচাইকেলৰ উন্মোচন  :
প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত প্ৰাঞ্জল হাজৰিকাৰ প্ৰথমখন গল্প সংকলন জীৱন এচাইকেলৰ উন্মোচন  :

Aiidesh News : 18 October  2023  :

অসমীয়া চুটি গল্পৰ জগতৰ অন্য এজন গল্পকাৰ বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল হাজৰিকাৰ জীৱন এচাইকেল নামৰ প্ৰথমখন গল্প সংকলন ১৮ অক্টোবৰত বোকাখাতত উন্মোচন কৰা হয় ।

বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ দ্বাৰা পৰিচালিত বোকাখাত জাতীয় বিদ্যালয়ৰ বকুলতলত আয়োজিত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি-ঔপন্যাসিক তেজপুৰৰ বাসিন্দা দিলীপ ফুকনে । কামাখ্যাৰ জে ডি প্ৰিন্টাৰ্চ এণ্ড প্লাব্লিকেচনৰ দ্বাৰা প্ৰকাশিত জীৱন এচাইকেল নামৰ গ্ৰন্থখন উন্মোচন কৰি উন্মোচক দিলীপ ফুকনে সাম্প্ৰতিক অসমীয়া গল্পৰ ৰেহৰূপ,গল্পকাৰৰ উদ্দেশ্য আৰু প্ৰাঞ্জল হাজৰিকাৰ গল্পৰ ওপৰত এটি চমু বক্তব্য আগবঢ়ায় ।

বকুলতলৰ এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট আবৃত্তিকাৰ গা‌য়ত্ৰী বৰা কাকতিয়ে তেওঁৰ বক্তব্যত আজিৰ পৰা গল্পকাৰ প্ৰাঞ্জল হাজৰিকাৰ দায়িত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰকাশসকলে প্ৰকাশিত গ্ৰন্থ খন যাতে অধিক পাঠকৰ হাতত পৰিবগৈ পাৰে তাৰ বাবে গ্ৰন্থ বিপননৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে ৷  অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি অজিৎ গগৈয়ে প্ৰাঞ্জল হাজৰিকাৰ গল্পৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ 

সাংবাদিক পল্লৱ হাজৰিকা আৰু বৰ্ণালী বৰুৱাই আঁত ধৰা এই অনুষ্ঠানটোত প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নিজৰা বৰঠাকুৰ, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি  বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট নাট্যকাৰ অমৰ কাকতি, লেখক অলকানন্দ কাকতি, অমৰ কাকতি, শিক্ষাবিদ শৰৎ দত্ত, অনিমেষ শইকীয়া, ড৹ হৰি প্ৰসাদ নাথ, অধ্যাপক বিদুৎ বৰুৱা, চিত্ৰ শিল্পী পাপু ঘোষ, বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদকে প্ৰমুখ্য কৰি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷

গ্ৰন্থ উন্মোচনী সভাত ড৹ বৰ্ণালী বৰুৱা আৰু ৰাজেন শৰ্মাই গীত পৰিবেশন কৰে ৷ অনুষ্ঠানতে কাজিৰঙা অধ্যয়ন চক্ৰৰ সদস্যসকলে এখনিকৈ অংগ বস্ত্ৰৰে লেখক আৰু উন্মোচকৰ লগতে অতিথিসকলক অভিনন্দন জনায় ৷ জাতীয় সংগীতেৰে 'অ' সামৰণি পৰা অনুষ্ঠানটোত প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোণেশ্বৰ নৰহে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

*********