কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন :

Aiidesh News :  3 March 2024 : 

সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ উদ্যোগত আজি বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল অধীনৰ বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা কান্ত ডেকা, বোকাখাতৰ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা, ডা৹ পম্পী দেউৰী বৰুৱা, ডা৹ ৰাজশ্ৰী ভূঞা, কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ মেহদী হাচান আৰু ডা৹ নিহাৰ অকৰ লগতে বোকাখাতত থকা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আৰু বোকাখাত পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক সকলে অংশগ্ৰহন কৰে ৷

সাংবাদিক তথা পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই বিশেষ অনুষ্ঠানত বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকাই বন্যপ্ৰাণী সংৰক্ষণৰ লগতে ৰাজ্যত বনৰীয়া হাতীৰ বিৱৰণ আৰু সংক্ষণৰ ওপৰত বাখ্যা দাঙি ধৰে ৷ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালে দুৰ্যোগৰ সময়ত বনকৰ্মীৰ লগতে কাজিৰঙাক সহায় কৰিবৰ বাবে প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনোৱাৰ লগতে সদ্য সমাপ্ত পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযানত সহায় কৰাৰ বাবে পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক সকলক ধন্যবাদো জনায় ৷ বিশিষ্ট পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱাই বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ইতিহাস, কাৰ্য প্ৰণালী, বন্যপ্ৰাণী উদ্ধাৰৰ পট'কল, চিকিৎসা আদিৰ বিষয়ে মনোজ্ঞ ব্যাখা আগবঢ়ায় ৷ 

শেষত কেন্দ্ৰৰ পশুচিকিৎসক ডা৹ নিহাৰ অকে’ কেন্দ্ৰটো পৰিদৰ্শন কৰোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলক বন্যপ্ৰাণী উদ্ধাৰৰ বাবে ব্যৱহৃত বিভিন্ন সঁজুলি, গড়াল, জালৰ, খাদ্য প্ৰদানৰ সঁজুলিৰ উপৰিও চেতনা নাশক বন্দুক আদিও প্ৰদৰ্শন কৰে ৷ বোকাখাতৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়ক বিদ্যালয়ত পশুধন প্ৰতিপালনৰ প্ৰশিক্ষণ লৈ থকা ক্ষেত্ৰ সহায়ক সকলৰ বন্যপ্ৰাণীৰ চিকিৎসা আৰু পুনৰ সংস্থাপনৰ সম্পৰ্কত হোৱা আজিৰ আলোচনাই লাভান্বিত কৰা বুলি মন্তব্য কৰে ৷ 

********