আই.ইউ.চি.এনৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত হাতী মানুহৰ সংঘাতৰ আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণী : এছিয়া মহাদেশৰ ১৩ খন ৰাষ্ট্ৰৰ অংশগ্ৰহন :

আই.ইউ.চি.এনৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত হাতী মানুহৰ সংঘাতৰ আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণী : এছিয়া মহাদেশৰ ১৩ খন ৰাষ্ট্ৰৰ অংশগ্ৰহন :
Aiidesh Photo

Aiidesh News : 31 March - 2024 : 

কাজিৰঙাৰ আয়'ৰা ৰিজৰ্টত ২৯ মাৰ্চৰ পৰা  প্ৰকৃতি সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় সন্থা চমুকৈ আই.ইউ.চি.এনৰ প্ৰজাতি সুৰক্ষা আয়োগৰ বিশেষ উদ্যোগত দেশৰ আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষ সহযোগত আৰম্ভ হোৱা হাতী মানুহৰ সংঘাত প্ৰসমনৰ আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালাৰ আজি সমৰণী পৰে ৷  এছিয়া মহাদেশৰ ১৩ খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশ গ্ৰহন কৰা এই কৰ্মশালাত কাঠমাণ্ডু ২০২২ চনৰ ২৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা এছিয়ান হাতীৰ আৱাসিক ৰাষ্ট্ৰবোৰৰ তৃতীয় বৈঠক কৰা ঘোষণাৰ আধাৰত আই.ইউ.চি.এনৰ প্ৰজাতি সুৰক্ষা আয়োগৰ তত্বাৱধানত বিশেষজ্ঞ সকলে এছীয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত সংঘৰ্টিত হাতী মানুহৰ সংঘাতৰ পটভুমি বিশ্লেষণ কৰি এছীয় প্ৰজাতি হাতীৰ সংৰক্ষণৰ বাবে বিভিন্ন পৰামৰ্শ  প্ৰজাতি সুৰক্ষা আয়োগলৈ প্ৰেৰণ কৰে ৷ হাতী মানুহৰ সংঘাত সম্পৰ্কত কৰ্মশালাত অংশগ্ৰহন কৰা ৰাষ্ট্ৰবোৰে দাঙি ধৰা সচিত্ৰ উপস্থাপনৰ পিচত হাতী মানুহৰ সংঘাতৰ কাঠমাণ্ডু ঘোষণাৰ আই.ইউ.চি.এনৰ নিৰ্দেশনাৰ আধাৰত অংশগ্ৰহন কাৰীসকল চাৰিটা গোটত বিভক্ত হৈ জৈৱতন্ত্ৰ আৰু আৱাস, সংঘাতৰ পটভুমি, আঁচনি প্ৰস্তুত আৰু সংঘাত অধ্যয়ন বিষয়ক বিস্তৃত আলোচনাৰে পৰামৰ্শ প্ৰস্তুত কৰে ৷ এই পৰামৰ্শৰাজিৰ খচৰা পৰৱৰ্তী সময়ত কৰ্মশালাত অংশগ্ৰহনকাৰী প্ৰতিখন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰাৰ সিধান্ত গ্ৰহন কৰে ৷

এছিয়াৰ ১৩ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰা এই কৰ্মশালাৰ অন্তিম দিন হিচাবে আজি পুৱা প্ৰতিনিধি সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি বিয়লিলৈ হাতী মানুহৰ সংঘাত অধ্যুষিত নামবৰ অভয়াৰণ্যৰ কাষৰীয় অঞ্চল আৰু নুমলীগড়ৰ কাষৰীয় অঞ্চল ভ্ৰমন কৰি সংঘাত সম্পৰ্কত ক্ষেত্ৰ অধ্যয়ন কৰে ৷ এই ভ্ৰমন কালত দলটোয়ে দেওপাহাৰ মিকিৰচাং হাতী দণ্ডি, নুমলীগড় শোধনাগাৰৰ ভগ্ন পকী বেৰা, বকিয়ালৰ কাঠনিবাৰী অঞ্চলৰ হাতী মানুহৰ সহৱস্থান, কালিয়নী প্ৰথমিক বাদ্যালয়ত হাতীৰ বাবে নিৰ্মান কৰা বৈদ্যুতিক বেৰাৰ উপৰিও গৰমপানী অঞ্চল পৰিদৰ্শন কৰে ৷ ক্ষেত্ৰ অধ্যয়ণৰ বাবে যোৱা এই আন্ত:দেশীয় দলটোক  আই ইউ চি এনৰ সমন্বয়ক ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেক মেননে, কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে , আই.ইউ.চি.এনৰ প্ৰজাতি সুৰক্ষা আয়োগৰ উপাধ্যক্ষ হেইডি ৰিড্ডলী, কলম্বাচ চিৰিয়াখানাৰ উপাধ্যক্ষ মাইকেল ক্ৰেগাৰ, আন্ত:ৰাষ্ট্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ সন্থাৰ বিলুপ্তিৰ প্ৰজাতিৰ সংৰক্ষণ গোটৰ প্ৰতিনিধি  এডাম ফ্লেটচৰ উপৰিও গোলাঘাটৰ বনসংমণ্ডল প্ৰধিকাৰী আৰু সহকাৰী বন সংৰক্ষকে নেতৃত্ব প্ৰদান কৰে  ৷ এছিয়া মহাদেশৰ হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কৰ্মশালাত মহাদেশ খনৰ ভাৰত, নেপাল, ভূটান, শ্ৰীলংকা, বাংলাদেশ,  কম্বোডিয়াৰ, ম্যানমাৰ, লাওচ গনৰাজ্য, চাভা, মালয়েচিয়া, থাইলেণ্ড, মালয়েচিয়া অন্তৰীপৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ৷

**********