বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত ১৮ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে যুক্তি দিৱসৰ আয়োজন :

বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত ১৮ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে যুক্তি দিৱসৰ আয়োজন :

Ajanta Talukdar :  Aiidesh News : 16 February - 2024 : 

বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অহা ১৮ ফেব্ৰুৱাৰীত যুক্তি দিৱস উদযাপনৰ আয়োজন কৰা হৈছে । এই দিৱসত বিজ্ঞান মনষ্কতাৰ প্ৰসাৰৰ বাধা সমূহ আৰু প্ৰতিকাৰৰ উপায়ৰ ওপৰত আলোচনা কৰাৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত দেহ দান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷ 

উল্লেখ্য যে অন্ধবিশ্বাসৰ বিপৰীতে এক বিজ্ঞানসন্মত চিন্তাধাৰাৰ প্ৰসাৰৰ বাবে ২০১৮ চনত প্রথম বাৰৰ বাবে যুক্তি বিকাশ সমিতিৰ যোৰহাট শাখা আৰু 'মুক্ত চিন্তা'-ৰ তৰফৰ পৰা যুক্তিবাদী জার্ডানো ব্রুনোৰ মৃত্যুৰ দিনটো "যুক্তি দিৱস" হিচাবে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল । সেয়েহে বিগত বৰ্ষৰ দৰেই এই বাৰো  অহা ১৮ ফেব্ৰুৱাৰীৰ দিনা  দেওবাৰে যুক্তি বিকাশ সমিতি, অসমৰ উদ্যোগত, বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্র আৰু ইলোৰা বিজ্ঞান মঞ্চ, বোকাখাত শাখাৰ সহযোগত যুক্তি দিৱস"ৰ আয়োজন কৰা হৈছে । 

যুক্তি দিৱসত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব বিশিষ্ট চিকিৎসক তথা সৰ্প দংশন প্ৰতিকাৰ বিশেষজ্ঞ ডা° সুৰজিত গিৰি । অনুষ্ঠানতে ইলোৰা বিজ্ঞান মঞ্চ, বোকাখাত শাখাৰ এক বিশেষ ন্যাস গঠনৰ ঘোষণা কৰা হ'ব বুলি উদ্যোক্তাৰ উপৰিও যুক্তি বিকাশ সমিতিৰ সমন্বয়ক ত্ৰিলোচন গগৈ আৰু অচ্যুত মাধৱ দাস, প্ৰয়াস অধ্যয়ন চক্ৰৰ হৈ সুব্ৰত পুৰকায়স্থ,পল্লৱ হাজৰিকা আৰু ইলোৰা বিজ্ঞান মঞ্চ, বোকাখাত শাখাৰ তৰফৰ পৰা ইনজু আহমেদে অৱগত কৰিছে ৷

**********