ৰাষ্ট্ৰীয় উদ্যান হিচাবে ৫০ টা বৰ্ষ অতিক্ৰম কৰা কাজিৰঙাত সোনালী জয়ন্তীৰ বিশেষ অনুষ্ঠান : শতাধিক অৱসৰ প্ৰাপ্ত বনকৰ্মীক সম্বৰ্ধনা :

Aiidesh News :  11 February 2024 : 

কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে  ঘোষণা কৰা আজি ৫০ বছৰ সম্পুৰ্ণ হ'ল ৷ আজিৰ পৰা ৫০ বছৰৰ আগতে ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা হৈছিল ৷ তেতিয়াৰে পৰাই বিভিন্ন পৰিক্ৰমাৰে কাজিৰঙা আজি ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৷ ৰাষ্ট্ৰীয় উদ্যান হিচাবে ৫০ বৰ্ষ অতিক্ৰম কৰা আজি এই বিশেষ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে বিগত ৫০ বৰ্ষত কাজিৰঙাৰ বাবে সেৱা আগবঢ়ায় অৱসৰ গ্ৰহন কৰা বনকৰ্মী সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত বিশেষভাৱ সম্বৰ্ধনা জনোৱা হয় ৷ 

অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষ, পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশী, কঁহৰা বনাঞ্চলৰ বানাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈ, বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, অগৰাতলিৰ বঞ্চালিক বিষয়া বিদ্যুত বিকাশ গগৈ, বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইকবাল হোছেইন, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াৰ উপৰিও বিভিন্ন প্ৰান্তৰৰ পৰা অহা শতাধিক অৱসৰ প্ৰাপ্ত বনকৰ্মী উপস্থিত থাকে ৷

কাজিৰঙাৰ সঞ্চালক কাৰ্যালয়ৰ গীতাঞ্জলি কলিতা আৰু তৰুণ গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত বিগত সুদীৰ্ঘ সময়ৰ পিচত সমবেত হৈ আবেগ বিহ্বল হৈ পৰে অৱসৰ প্ৰাপ্ত বনকৰ্মী সকল ৷ অনুষ্ঠানত সমবেত হোৱা বনকৰ্মী সকলে কাজিৰঙালৈ আগবঢ়োৱা নিজৰ নিজৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষক ধন্যবাদ জনায় ৷ তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলংৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে সমবেত শতাধিক বনকৰ্মীক কাজিৰঙাৰ শতবৰ্ষৰ স্মাৰক আৰু গলবস্ত্ৰৰে সম্বৰ্ধনা জনায় ৷

*********