কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পূৰ্ণাগ অধিবেশনৰ লগত সংগতি ৰাখি কাজিৰঙাত বনৰীয়া ম'হ দিৱস :

 

Aiidesh News : 30 January - 2024 : 

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ অধিবেশনৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সাংবাদিক সংস্থাৰ সহযোগত আজি বনৰীয়া ম'হ দিৱস উদযাপন কৰে ৷ কাজিৰঙাৰ কঁহৰাতস্থিত শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত দিন জোৰা এই কাৰ্যসুচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ উপৰিও আদৰণী ভাষণ প্ৰদান কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি তথা জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মাই সকলোকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ লগতে ধন্যবাদো জ্ঞাপন কৰে ৷

বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা আৰু পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা বনৰীয়া ম'হ দিৱসত সমল ব্যক্তি হিচাবে প্ৰকৃতিবিদ তথা ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া ড৹ আনোৱাৰদ্দিন চৌধুৰীয়ে আৰম্ভনীতেই বনৰীয়া ম'হৰ সম্প্ৰতিক অৱস্থিতি, ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ এছিয়া প্ৰজাতিৰ ম'হৰ আৱাস আৰু ভাবুকিৰ ওপৰত সবিস্তাৰে বৰ্ণনা কৰে ৷ প্ৰথম পৰ্যায়ৰ আলোচনাত  

বিশ্ব প্ৰকৃতিনিধিৰ ড৹ অনুপম শৰ্মা, কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে, আৰিফ হোছেইনে, দ্বিতীয় পৰ্যায়ৰ আলোচনাত অধ্যাপক ড৹ সমৰজিত ওজা, বিশ্ব প্ৰকৃতি নিধিৰ ড৹ অৰিন্দ্ৰন, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ওমৰ চৈয়দৰ উপৰিও তৃতীয় লানি আলোচনাত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ডা৹ ভাস্কৰজিত চৌধুৰী, আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই অংশ গ্ৰহন কৰি বনৰীয়া ম'হ ইয়াৰ আৱাস, জনসংখ্যা আৰু সংৰক্ষণৰ ওপৰত সবিস্তাৰে আলোচনা কৰে ৷

অনুষ্ঠানত বোকাখাত জে ডি এছ জি মহাবিদ্যালয়,  চি এন বি মহাবিদ্যালয় আৰু কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উপৰিও স্থানীয় বিদ্যালয় সমুহৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় জনসাধাৰণ, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় সংবাদকৰ্মী সকলো উপস্থিত থাকে ৷ অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰস্তুত কৰা পৰিবেশ কৰ্মী বিতোপন কলঙে নিৰ্মান কৰা কাজিৰঙাৰ বনৰীয়া ম'হৰ এক তথ্যচিত্ৰ ড৹ আনোৱাৰদ্দিন চৌধুৰীয়ে উন্মোচন কৰে ৷ আৰম্ভনীতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা উপস্থিত অতিথি সকলক ফুলাম গামোছাৰে আদৰণী জনোৱা হয় ৷ শেষত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

********