কাকচাঙ হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত বোকাখাত আৰক্ষী থানাত অৰ্ধ উলংগ প্ৰতিবাদ : ৰাষ্ট্ৰীয় পথ অৱৰোধ :

Aiidesh News  : 1 April - 2024  : 

বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকচাংত ৰয়েল ৰংহাংৰ লোমহৰ্ষ হত্যাকাণ্ডৰ আঠোটা দিন উকলি যোৱাৰ পিচতো প্ৰকৃত হত্যাকাৰী কৰায়ত্ব কৰাত বোকাখাত আৰক্ষী বিফল হোৱাত আজি হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত তৃতীয়বাৰৰ বাবে বোকাখাত আৰক্ষী থানাত উত্তাল প্ৰতিবাদ কৰে কাৰ্বি জনসাধাৰণে ৷ কাৰ্বি আংলং সীমান্তৰ বোকাখাত কাকচাং পথত ২৪ মাৰ্চৰ দিনা সংঘটিত হোৱা ৰয়েল ৰংহাং নামৰ যুৱক জনৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক বোকাখাত আৰক্ষীয়ে আজিও কৰায়ত্ব কৰিব নোৱাৰাৰ বাবে আজি বোকাখাত নগৰত প্ৰতিবাদত সমদল উলিয়াই থানাত অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন আৰু কাৰ্বি ষ্টুডেণ্ট এচ'চিয়েচনৰ নেতৃত্বত অহা শতাধিক  কাৰ্বি জনসাধাৰণে  ৷ 

বোকাখাত থানাৰ সমুখত প্ৰায় দুটা ঘন্টা ধৰি প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ন কৰাৰ পিচতো প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি নেপাই প্ৰতিবাদকাৰী সকলে বোকাখাত থানাৰ সন্মুখতে ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৷ পিচত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া চম্পক ডেকা আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰৰ উপস্থিতিত বোকাখাত আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ হোৱা আলোচনাত হত্যাকাৰীক কৰায়ত্ব কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী বিষয়াই ৷ উল্লেখ্য যে ৰয়েল ৰংহাংৰ  হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে দূৰ্লভ ডেকা নামৰ বোকাখাতৰ এজন যুৱকক আটক কৰিছিল যদিও হত্যাকাণ্ডৰ প্ৰকৃত হত্যাকাৰীক কৰায়ত্ব কৰাত আজিও সফল হ'ব পৰা নাই ৷ যাৰ বাবে দোষীক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীৰ বিৰুদ্ধে পুনৰ আজি কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন আৰু কাৰ্বি ষ্টুডেণ্ট এচ'চিয়েচনৰ নেতৃত্বত শতাধিক কাৰ্বি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বোকাখাত আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে । 

উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ নিশা বোকাখাত - কাৰ্বিআংলং সীমান্তৰ কাকচাংত নিজৰ বাহন খনৰ ভিতৰতে চালকৰ আসনতে ডিঙি কাটি  ৰয়েল ৰংহাং নামৰ যুৱ ব্যৱসায়ী জনক হত্যা কৰিছিল হত্যাকাৰীয়ে । তাৰ পিছতেই হত্যাকাৰীত কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে বিগত সময়চোৱাত দুবাৰকৈ বোকাখাত থানাত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইফালে প্ৰতিবাদী ৰাইজৰ হুংকাৰ যেতিয়ালৈকে প্ৰকৃত দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব ৰাইজে । 

*********