বোকাখাতত জেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা : তিনিখন গ্ৰন্থৰ উন্মোচন :

বোকাখাতত জেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত  গ্ৰন্থ উন্মোচনী সভা :  তিনিখন গ্ৰন্থৰ উন্মোচন :
Photo - Bhabananda Kalita

Bhabananda Kalita :  Aiidesh News  :  31 March - 2024 :

অসম জেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাত শাখাৰ উদ্যোগত আজি স্থানীয় পুৱতি সাহিত্য সভা ভৱনত তিনি খন গ্ৰন্থ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সন্মিলনৰ সভাপতি হৰিপ্ৰসাদ বৰঠাকুৰ, চুচেন হাজৰিকা আৰু ৰীনা বৰকটকীয়ে । স্মৃতি তৰ্পন কৰে ৰাম বৰদলৈ, পুতলী খাউণ্ড আৰু দেবেশ্বৰ গগৈয়ে । দুপৰীয়ালৈ চৈয়দ আনিচুৰ ৰহমানৰ সভাপতিত্বত হোৱা সভাৰ আঁত ধৰে কল্পনা চেতিয়াই । সভা উদ্বোধন কৰে মনোৰঞ্জন সেনে । সভাত প্ৰভাত বৰদলৈ ৰচিত গ্ৰন্থ "কেতিয়াবা মনেও কথা কয়" উন্মোচন কৰে বিশিষ্ট লেখিকা ৰানী বৰদলৈয়ে । সিদ্ধেশ্বৰ ডেকা ৰচিত গ্ৰন্থ "নিশিৰ জোনাক" উন্মোচন কৰে লেখিকা কল্পনা চেতিয়াই আৰু তৰুন দলেৰ গ্ৰন্থ "আলি দোমোজাত শব্দৰ চিঞৰ" উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰে । সভাত পুৱতি সাহিত্য সভাৰ  সভাপতি অপূর্ব বৰদলৈ, অংকুৰন সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মুহিৰাম লইঙ, লেখক তৰুন ৰাজখোৱা, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যক্ষ শৰৎ  দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি সাংবাদিক ভবানন্দ কলিতাই অংশগ্ৰহন কৰে । অনুষ্ঠানত শিল্পী অতুল বেজবৰুৱাই লোকগীত পৰিবেশন কৰে । 

*********