বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকচাঙত লোমহৰ্ষক হত্যা কাণ্ড : গাড়ীৰ ভিতৰতে ডিঙিত কাটি হত্যা এজন যুৱকক :

বোকাখাত কাৰ্বি আংলং সীমান্তৰ কাকচাঙত লোমহৰ্ষক হত্যা কাণ্ড :  গাড়ীৰ ভিতৰতে ডিঙিত কাটি হত্যা এজন যুৱকক  :
Collected

Aiidesh News  : 24 March - 2024  : 

বোকাখাত উপ জিলাৰ কাৰ্বিআংলং সীমান্তৰ কাকচাংত আজি সন্ধ্যা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ নিজৰ AS 09K 5343 নম্বৰৰ মাৰুতী গাড়ীখনেৰে নিজা বসগৃহলৈ বুলি গৈ থকা অৱস্থাত গাড়ীৰ ভিতৰতে ডিঙি কাটি নিশংসভাৱে হত্যা কৰে ৰয়েল ৰংহাঙ নামৰ এজন যুৱকক ৷  কাকচাং গুটিবাৰীৰ বাসিন্দা ৰয়েল ৰংহাঙক বোকাখাতৰ পৰা নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত কাকচাং জলপ্ৰপাত পথতে অচিনাকী দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে ৷ গাড়ীখনৰ চালকৰ আসনতে বহি থকা ৰয়েল ৰংহাংক চলন্ত গাড়ীতেই হত্যা কৰে দুৰ্বৃত্তই ৷ যুৱকজন কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ ৰয়েল ৰংহাংৰ মৃত্যুৰ পিচতেই উত্তেজনাৰ সৃষ্টি হৈছে কাকচাং অঞ্চলত ৷ ঘটনাৰ পিচতেই বোকাখাতৰ আৰক্ষী আৰু কাৰ্বি আংলং জিলাৰ ডলামৰাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ৰয়েল ৰংহাংৰ মৃতদেহৰ  মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

********