বোকাখাতত আৰক্ষীৰ দ্বাৰা কাঠ ভৰ্তি ট্ৰাক জব্দ : হেণ্ডিমেন সহ চালকক গ্ৰেপ্তাৰ : সম্প্ৰতি আৰক্ষীৰ জিম্মাত :

AIIDESH NEWS.13 August : 

ৰাজ্যৰ মাজেৰে যেৱা ৩৭ ৰাষ্ট্ৰীয় পথেদি নিশাৰ ভাগত বহু বোৰ নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ হয় ৷  অৰুণাচলী সুৰাৰ পৰা নিষিদ্ধ ড্ৰাগচ আৰু বনজ সম্পদৰো সৰবৰাহ হয় ৩৭ নং ৰাষ্ট্ৰীয় পথেদি ৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে এনে বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ মঙ্গলবাৰৰ নিশাও বোকাখাত আৰক্ষীয়ে বোকাখাতৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথৰে গৈ থকা কাঠ ভৰ্তি এখন ট্ৰাক জব্দ কৰে ৷  ট্ৰাকখনত পোৱা নথি প্ৰত্ৰ মতে এ এছ ২৩ ,  চি চি , ২২১২ নম্বৰৰ ট্ৰাক খনে অৰুনাচলৰ খাজংৰ পৰা যোৰহাটলৈ হে কাঠ অনাৰ অনুমতি আছে যদিও যোৰহাট পাৰহৈ বোকাখাতৰ মাজেৰে কাঠ খিনি নি থকাৰ সময়তে বোকাখাত আৰক্ষীয়ে কাঠসহ ট্ৰাকখন জব্দ কৰে ৷ আটক কৰে ড্ৰাইভাৰ হেণ্ডিমেনকো ৷ ট্ৰাকখনৰ চালক দিলীপ বৰা আৰু হেণ্ডিমেন বিতুল শইকীয়াই জনোৱাৰ মতে যোৰহাট পাৰ হৈ কাঠ খিনি কলিয়াবৰৰ কুঠৰীলৈকে নিবৰ বাবে তেওঁ লোকক নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পাচত ট্ৰাকৰ মালিকলৈ ফোন কৰিবলৈ কোৱা হৈছিল ৷ কাঠসহ ট্ৰাকখন জব্দ কৰি বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ ১২০ ( খ) , ৩৭৯ , ৪১১, ৪৬৮, ৪২০ ধাৰাৰ উপৰিও ফৰেষ্ট ৰেগুলেটৰী এক্টৰ ধাৰ ৪০ মতে ২৪৬ / ২০২০ নম্বৰৰ গোচৰ ৰজু কৰি অনুসন্ধান আৰম্ভ কৰাৰ লগতে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰি আজি বোকাখাতৰ আদালত হাজিৰ কৰে ৷ আদালতে দুয়োকে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ ট্ৰাকখনৰ লগত পোৱা নথিপত্ৰৰ বৈধ্যতাৰ ওপৰত বোকাখাত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা লগতে ঘটনাৰ সৈতে এক বৃহৎ চক্ৰও জড়িত থকাৰ সন্দেহ কৰিছে ৷