উজনি অসমত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ গজ কথাৰ অভিযান :

উজনি অসমত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ গজ কথাৰ অভিযান :
Aiidesh Photo
উজনি অসমত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ গজ কথাৰ অভিযান :
উজনি অসমত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ গজ কথাৰ অভিযান :

 

উজনি অসমত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকৰ  গজ কথাৰ অভিযান : 

Aiidesh News : 16 July 2023 : 

অসমত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে স্থানীয় জনসাধাৰণ আৰু হস্তীকূলৰ সৈতে সহাৱস্থানক সহজ কৰাৰ বাবে ৰাজ্যৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে “গজ কথা” নামৰ এক প্ৰচাৰ অভিযান উজনি অসমৰ বিভিন্ন স্থানত আৰম্ভ কৰিছে । হাতী মানুহৰ সংঘাতে প্ৰভাৱিত কৰা পূৱ অসমৰ গাঁওবোৰত আৰণ্যকে এই পদক্ষেপৰ জৰিয়তে হাতীৰ আচৰণ, পৰিৱেশতন্ত্ৰ, আৰু অঞ্চলটোৰ সৈতে সাংস্কৃতিক সংযোগ আৰু ইহঁতৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ পদক্ষেপ হাতত লয় ।

মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে জনসাধাণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰ হিচাপে আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে অসমৰ বন বিভাগৰ সৈতে যৌথভাৱে আৰু ডাৰউইন ইনিচিয়েটিভ নামৰ সংগঠনৰ সহযোগত এই অভিযান আৰম্ভ কৰিছে । এই অভিয়যানৰ পটভুমিত আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ  জ্যেষ্ঠ সংৰক্ষণবিদ ড০ আলোলিকা সিনহাই জনায় যে  বিজ্ঞানী, শিল্পী, শিক্ষাবিদ আৰু সংৰক্ষণবিদসকলৰ সৈতে আলোচনা কৰি আমি মহিলা, পুৰুষ, যুৱক-যুৱতী, বৃদ্ধ আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় লোকসকলক সজাগ কৰিবৰ বাবে আমাৰ অভিযানৰ প্ৰদৰ্শনীৰ বোৰত আমি অন্তৰ্দৃষ্টিসম্পন্ন আৰু আকৰ্ষণীয় সজাগতা সামগ্ৰী প্ৰদৰ্শন কৰিছো যাতে বিষয়তো মানুহৰ সহজতে বোধগম্য হয় ।

আৰণ্যকে এতিয়ালৈকে ২৪টা “গজ কথা” অভিযানৰ জৰিয়তেহাতী মানুহৰ সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পূব অসমৰ ১২০০ ৰো অধিক লোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে । মাজুলীৰ হালধিবাৰী, জাবৰচুক কাঠনি, গজেৰা, গজেৰা হাইস্কুল, উজনি মাজুলীৰ খেৰকটীয়া হাইস্কুল, পূৱ মাজুলীৰ খেৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাবৰচুক ,বচা, আৰু জোপানচুকক ইতিমধ্যেই এই অভিযানেৰে সমৰা হৈছে বুলি জনাইছে । 

একেদৰে ডিব্ৰুগড়ত কোঁৱাবাম, পানচুকীয়া বনগাঁও, নাহৰজান লেবানকুলা, নাগাঘাট তাঁতীপথাৰ, লেবানকুলা এম ই স্কুল আৰু কমাৰগাঁও এম ই স্কুলত আৰু  তিনিচুকীয়াত উজানি শদিয়া উচ্চতৰ মধ্যমিক বিদ্যালয় আৰু পদুমফুলাত এই অভিযান চলোৱা হয় । এই অভিযান চলোৱা আন স্থানসমূহৰ ভিতৰত আছিল শিৱসাগৰৰ চমৰাজান, চৰগুৱা গ্ৰাণ্ট, মাজুমেলিয়া, চৰগুৱা এম ই স্কুল, চৰগুৱা হাইস্কুল, ডেমোমুখ গোহাঁইগাঁও আৰু যোৰহাটৰ শংকৰদেৱ জনজাতি এম ই স্কুল আৰু বেজৰচিগা ।

আৰণ্যকে কেইবাটাও স্থানীয় সংগঠনৰ সহযোগিতাত  হাতী মানুহৰ সংঘাতহোৱা প্ৰতিটো এলেকাত স্থানীয় সম্প্ৰদায়ৰ সদস্য আৰু ভৱিষ্যতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিবলগীয়া যুৱক সকলক সংগঠিত কৰাত গুৰুত্ব প্ৰদান কৰিছে ।  এই সংগঠন আৰু সম্প্ৰদায়ৰ সদস্যসকলে আৰাণ্যকৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় আৰু  মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে উদ্ভাৱনীমূলক পদ্ধতিৰ বিষয়ে  আলোচনা কৰে । পূৱ অসমত এই পদক্ষেপৰ দায়িত্বত থকা আৰণ্যকৰ সমন্বয়ক জাকিৰ ইছলাম বৰাই জনোৱা মতে আৰণ্যকে উজনি অসমৰ সমস্যা জৰ্জৰিত অঞ্চলবোৰত স্থানীয় লোক, ক্ষেত্ৰ কৰ্মী আৰু গাঁও চেম্পিয়ন সকলৰ সহযোগত হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে এই অভিযান অব্য়াহত ৰাখিছে ।

*********