অখিল গগৈৰ মুক্তিৰ দাবীত সাপেখাতীত মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী

অখিল গগৈৰ মুক্তিৰ দাবীত সাপেখাতীত মানৱ শৃংখল  প্ৰতিবাদী কাৰ্যসূচী

 

চৰাইদেউ জিলাৰ সাপেখাতীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাপেখাতীৰ ভৰালী পুখুৰীৰ তিনিআলিত  এক মানৱ শৃংখল প্ৰতিবাদী  কাৰ্য্যসূচী গ্ৰহণ কৰে।

উক্ত কাৰ্য্যসূচীত কৃষক নেতা অখিল গগৈৰ লগতে  সুদীৰ্ঘ দিন ধৰি কা বিৰোধী আন্দোলনত কাৰাবন্দী হৈ থকা প্ৰতিজন কা বিৰোধী  নেতাক বিনা চৰ্তে  মুক্তিৰ দাবীৰ লগতে নেতা গৰাকীৰ  উন্নত চিকিৎসাৰ দাবী জনায় । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উদ্যোগ লোৱা উক্ত প্ৰতিবাদী মানৱ শৃংখল কাৰ্য্যসূচীত  উপস্থিত থাকে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মূখপাত্ৰ  নৱদ্বীপ বৰুৱা আৰু চাওতাল  ছাত্ৰ সন্থা  সাপেখাতী আঞ্চলিক সমিতি প্ৰবীণ টুডু, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক  গৌতম গগৈৰ উপৰিও মৃদুল হাজৰিকাকে আদি কৰি কেইবাগৰাকী ও সংগঠনৰ বিষয় ববীয়া  উপস্থিত থাকে । উক্ত কাৰ্যসূচীত "বিজেপি নেতৃত্বাধীন অসম চৰকাৰ খনে অখিল গগৈক মৃত্যু মুখত ঠেলি দিয়াৰ প্ৰকট ষড়যন্ত্ৰ আনিছে আৰু যদি অখিল গগৈক  উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান নকৰে অনাগত দিনত অসমত ভয়ঙ্কৰ পৰিস্থিতি হব" বুলি ব্যক্ত কৰে চাও তাল সাপেখাতী আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ টুডুয়ে।