কাজিৰঙা কাৰ্বিআংলংৰ কঁহৰা নদীৰ অৱবাহিকাত ব্ৰাউন-স্পটেড পিট ভাইপাৰ সাপৰ সম্ভেদ : ৰাজ্যত প্ৰথমবাৰৰ বাবে নথিভুক্ত হ'ল ব্ৰাউন-স্পটেড পিট ভাইপাৰ :

কাজিৰঙা কাৰ্বিআংলংৰ কঁহৰা নদীৰ অৱবাহিকাত ব্ৰাউন-স্পটেড পিট ভাইপাৰ সাপৰ সম্ভেদ : ৰাজ্যত প্ৰথমবাৰৰ বাবে নথিভুক্ত হ'ল ব্ৰাউন-স্পটেড পিট ভাইপাৰ  :
Photo - Arijit Dutta
কাজিৰঙা কাৰ্বিআংলংৰ কঁহৰা নদীৰ অৱবাহিকাত ব্ৰাউন-স্পটেড পিট ভাইপাৰ সাপৰ সম্ভেদ : ৰাজ্যত প্ৰথমবাৰৰ বাবে নথিভুক্ত হ'ল ব্ৰাউন-স্পটেড পিট ভাইপাৰ  :

 

Aiidesh News  : 10 April - 2024 :

প্ৰথমবাৰৰ বাবে অসমৰ কাজিৰঙা কাৰ্বিআংলং পৃষ্ঠভুমিৰ কঁহৰা নদীৰ অৱবাহিকাৰ পৰা ব্ৰাউন-স্পটেড পিট ভাইপাৰ ( Protobothrops mucrosquamatus ) নামৰ বিষাক্ত প্ৰজাতি সাপৰ তথ্য পোৱা গৈছে ৷ ৰাজ্যখনত প্ৰথম বাৰৰ বাবে এই বিধ সাপৰ তথ্য পোৱা গৈছে বুলি আজি আন্ত:ৰাষ্ট্ৰীয় গৱেষণা পত্ৰ ৰেপটাইলচ এণ্ড এমফিবিয়ানচৰ  ৩১ নং সংখ্যাত প্ৰকাশ পাইছে ৷ দেশৰ আগশাৰীৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ আৰু গৱেষণা সন্থা আৰণ্যৰ জেষ্ঠ বিজ্ঞানী ড৹ ফিৰোজ আহমেদৰ তত্বাৱধানত গৱেষকৰ এটা দলে  কঁহৰা নদীৰ অৱবাহিকাত অধ্যয়ন চলাই ব্ৰাউন-স্পটেড পিট ভাইপাৰ নামৰ সাপটোৰ তথ্য সংগ্ৰহ কৰে ৷

ব্ৰাউন-স্পটেড পিট ভাইপাৰ (Protobothrops nucraquamatus) নামৰ সাপটো লাওছকে ধৰি দক্ষিণ-পূব এছিয়াত বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় । চীন, ভিয়েটনাম, টাইৱান, থাইলেণ্ড আৰু ভাৰতত সাগৰপৃষ্ঠৰ ৫০০-২,৫০০ মিটাৰ উচ্চতাৰ সিমিত অঞ্চলতহে এই প্ৰজাতিৰ সাপ ৰেকৰ্ড কৰা হৈছে । এই তথ্যৰ পিচত অসম এই ব্ৰাউন-স্পটেড পিটভাইপাৰ সাপ পোৱা  ভাৰতৰ চতুৰ্থখন ৰাজ্য হিচাপে পৰিগনিত হৈছে । ইয়াৰ পূৰ্বে উত্তৰ পুৰ্বাঞ্চলৰ মিজোৰামৰ থামডিল ৰাষ্ট্ৰীয় জলভুমি ,অৰুণাচল প্ৰদেশৰ জিৰো, গাট্টে গাওঁ, লাইমকিং, চিংগা ট্ৰেক, তালি উপত্যকা, নামদাফা ৰাষ্ট্ৰীয় উদ্যান, চাংলাং জিলা আৰু নাগালেণ্ডৰ টুয়েনছাং ত এই প্ৰজাতিৰ সাপ পোৱা হৈছে যদিও এই প্ৰজাতিটো অসমত পোৱাৰ তথ্য নাছিল ৷ স্টেনলি হেৰী পাৰ্টাৰ নামৰ এজন গৱেষকে ১৯২৯ চনত অসমৰ পাচিঘাটত আৰু মালকম আৰ্থাৰ স্মিথে ১৯৪৩ চনত নগা পাহাৰত এই বিধ সাপ পোৱা বুলি উল্লেখ কৰিলেও তেতিয়া এই অঞ্চল অবিভক্ত অসমৰ অন্তৰ্গত হৈ আছিল ৷ 

২০২২ চনৰ ১৭ আগষ্টত আৰণ্যকৰ জেষ্ঠ বিজ্ঞানী ড৹ ফিৰোজ আহমেদৰ তত্বাৱধানত সংগঠনটোক গৱেষক অৰিজিত দত্ত, জয়ন্ত কুমাৰ ৰয় আৰু সৌৰভ গুপ্তাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ গাতে লাগি থকা কাৰ্বি আংলংৰ কঁহৰা নদীৰ অৱবাহিকাৰ এক পাহাৰীয়া অঞ্চলত বাঁহ গছৰ তলত এই ব্ৰাউন স্পটেড পিট ভাইপাৰ সাপ প্ৰত্যক্ষ কৰে ৷ মানুহৰ উপস্থিতিৰ উমান পায়  প্ৰায় ৫-৭ মিনিট সময় ধৰি একে ঠাইতে থাকি সাপটো ওচৰৰ জোপোহালৈ সোমায় যায় । অভিযানকাৰী দলৰ সদস্য় অৰিজিত দত্তই অতি সন্তপৰ্ণে বিৰল প্ৰজাতিৰ সাপটোৰ ফটো তুলিবলৈ সক্ষম হয় । ৰিভাছ আৰু অনান্যৰ পদ্ধতি ব্যৱহাৰ কৰি সাপটোৰ দৈৰ্ঘ্য ৪৫ চে.মি. বুলি অৱগত কৰে গৱেষকৰ দলটোয়ে ।  পৰৱৰ্তী সময়ত ছিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটিৰ লি কং চিয়ান নেচাৰেল হিষ্ট্ৰী মিউজিয়ামলৈ সাপটোৰ আলোকচিত্ৰ প্ৰেৰণ কৰিছিল গৱেষক দলটোয়ে ৷ এই ফটোগ্ৰাফ বিশ্লেষণ কৰি সৰ্প বিশেষজ্ঞ সকলে ইয়াক ব্ৰাউন-স্পটেড পিট ভাইপাৰ বুলি নিশ্চিত কৰে ।

উল্লেখ্য যে আৰণ্যকৰ এই দলটোয়ে কাজিৰঙা কাৰ্বিআংলং পৃষ্ঠভুমিৰ কঁহৰা নদীৰ অৱবাহিকাৰ এই একেটা অঞ্চলৰে পৰা ইয়াৰ পুৰ্বে দীঘল নেজীয়া আৰোহন কৰিব পৰা নিগনিৰ প্ৰথম তথ্য লাভ কৰিছিল ৷ ইন্টাৰনেচনেল জৰ্ণাল অৱ থ্ৰিটেণ্ড টেক্সা নামৰ বিজ্ঞান আলোচনীত ইয়াৰ বিষয়ে সবিস্তাৰে প্ৰকাশো পাইছিল ৷ ইয়াৰ পিচতে দলটোয়ে পোৱা ব্ৰাউন-স্পটেড পিট ভাইপাৰ তথ্যই আজি আন্ত:ৰাষ্ট্ৰীয় বিজ্ঞান জৰ্ণাল ৰেপটাইলচ এণ্ড এমফিবিয়ানচত প্ৰকাশ পাইছে ৷

****************