ব্ৰহ্মপুত্ৰৰ পানীত জপিয়াই নিৰুদ্দিষ্ট দুধৰ্ষ গঁড় চিকাৰী জগু পেগু : এন ডি আৰ এফক লৈ ব্ৰহ্মপুত্ৰত অভিযান আৰক্ষীৰ : এতিয়াও পোৱা নাই জগু পেগুৰ সন্ধান :

ব্ৰহ্মপুত্ৰৰ পানীত জপিয়াই নিৰুদ্দিষ্ট দুধৰ্ষ গঁড় চিকাৰী জগু পেগু  : এন ডি আৰ এফক লৈ ব্ৰহ্মপুত্ৰত অভিযান  আৰক্ষীৰ : এতিয়াও পোৱা নাই জগু পেগুৰ সন্ধান  :
Aiidesh Photo

Aiidesh News  : 29 January - 2024  : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ দুটাকৈ গঁড় হত্যাৰ অপৰাধত ধৃত চোৰাংচিকাৰী জগু পেগুকলৈ বিপদতহে পৰিছে বোকাখাতৰ আৰক্ষী ৷ বোকাখাত উপ জিলাৰ বংকোৱাল বৰবালি অঞ্চলৰ নিজা বাসগৃহৰ পৰা কৰায়ত্ব কৰা দুধৰ্ষ চিকাৰী জগু পেগুৰ স্বীকাৰোক্তিৰ আধাৰত চোৰাংচিকাৰী জগু পেগুক লৈ যোৱা নিশা অভিযান চলাইছিল বোকাখাত আৰক্ষীয়ে ৷ অভিযানকালত ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ নাৱেৰে যোৱা অৱস্থাত হাতত হেণ্ডকাপ লগোৱা অৱস্থাতে নাওঁৰ পৰা পানী জপিয়াই জগু পেগুয়ে ৷ যাৰ বাবে হেণ্ডকাপ ধৰি থকা আৰক্ষীৰ লেঞ্চ নায়ক মহিম বৰাও নাওঁৰ পৰা পানীত পৰি যায় ৷ মহিম বৰা পানী পৰিযোৱাৰ বাবে একেখন নাওঁতে যোৱা আৰক্ষীৰ কমাণ্ডো হিৰকজ্যোতি বৰদলৈয়ে  মহিম বৰাক উদ্ধাৰৰ বাবে পানী জাপ মাৰে ৷ লাইফ জেকেট পিন্ধি থকাৰ বাবে দুই আৰক্ষী পাৰলৈ আহিবলৈ সক্ষম হয় যদিও দুধৰ্ষ চোৰাংচিকাৰী জগু পেগু পানীত জপিয়াই নিৰুদ্দেশ হয় ৷ নিশাই ঘটনাস্থলীত জগু পেগুৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ পানীত আৰক্ষীয়ে অভিযান চলায় যদিও নিৰুদ্দিষ্ট চিকাৰীৰ সন্ধান পোৱা নাই ৷ আজি পুৱাৰে পৰাই এন ডি আৰ এফৰ সহযোগত ব্ৰহ্মপুত্ৰত অভিযান চলাই আছে যদিও ৷ এই বাতৰি লিখাৰ সময়লৈকে পানীত পৰি জপিয়াই নিৰুদ্দিষ্ট হোৱা চোৰাংচিকাৰীৰ কোনো তথ্য পোৱা নাই বোকাখাত আৰক্ষীয়ে ৷

ইফালে অগৰাতলিৰ এই ঘটনাৰ পিচত চলোৱা অভিযানত বোকাখাত আৰক্ষীয়ে বন বিভাগৰ সহযোগত এটা গঁড়ৰ খৰ্গ আৰু গুলীৰে সৈতে এটা এ কে ৪৭ ৰাইফল উদ্ধাৰ কৰিছে যদি দ্বিতীয়টো খৰ্গ এতিয়া উদ্ধাৰ কৰিব পৰা নাই ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জনোৱা মতে এই গঁড় হত্যাৰ ঘটনাত মনিপুৰৰ চূড়াচান্দপুৰৰ চিকাৰী জড়িত আছে ৷ ধৃত জগু পেগুয়ে অগৰাতলি বামুন গাওঁ নিবাসী আৰু সুদীৰ্ঘ দিন পলাতক হৈ থকা দুধৰ্ষ চোৰাংচিকাৰী শুকদেউ কুটুমৰ সহযোগত বিগত এটা বছৰ ধৰি গঁড় হত্যা পৰিকল্পনা কৰিথকাৰ উপৰিও নিজেই এমাহ ধৰি চূড়াচান্দপুৰৰ চিকাৰীৰ ঘৰত বাহৰ পাতি আছিল ৷ চূড়াচান্দপুৰৰ চিকাৰীক লগত লৈ শুকদেউ কুটুমৰ সহযোগতেই কাজিৰঙাত জগু পেগু আৰু তেওঁৰ সহযোগত গঁড় হত্যা হোৱা বুলি আজি আৰক্ষী বিষয়া ৰাজেন সিঙে সাংবাদিকক অৱগত কৰে ৷

********