গোলাঘাটত কাৰ্গিল বিজয় দিৱস উদ্‌যাপন

 

২৬ জুলাই দিনটো দেশৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটৰ খুমটাইতো কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় । কাৰ্গিল শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ গৃহ গাওঁ খুমটাইত পৰিয়াল আৰু জাছিংফা লেখিকা সমাৰোহৰ সহযোগত এই বিজয় দিৱস উদযাপন কৰা কৰে । উল্লেখ্য আজিৰ পৰা ২১ বছৰ পূৰ্বেই পাকিস্তান সেনাৰ সৈতে যুজঁ কৰি প্ৰাণ আহুতি দিছিল  খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে । পৰিতাপৰ বিষয় যে দেশৰ বাবে জীৱন দান কৰা বীৰ শ্বহীদ জনক প্ৰথম দুবছৰ মান চৰকাৰীভাৱে সোৱৰণ কৰে যদিও বৰ্তমান সময়ত পাহৰি পেলালে প্ৰশাসন তথা চৰকাৰে । প্ৰশাসনৰ কোনো এজন বিষয়া উপস্থিত নহল চৰকাৰী ভাৱে ঘোষণা কৰা ঐতিহাসিক কাৰ্গিল বিজয় দিৱসৰ এই কাৰ্য্যসূচীত  । যোৱা বছৰ গোলাঘাট উপায়ুক্তই কাৰ্গিল বিজয় দিৱস গোলাঘাটত চৰকাৰী ভাৱে উদযাপন কৰিব কৈছিল  যদিও প্ৰশাসনৰ তৰফৰ পৰা দেখা নগল কোনো ধৰণৰ পদক্ষেপ । জিন্টু গগৈ পৰিয়াল আৰু স্থানীয় জাছিংফা লেখিকা সমাৰোহৰ সহযোগত দেওবাৰে পুৱাই জিন্টু গগৈ সমাধিস্থত  শ্বহীদ পিতৃ ও তথা অৱসৰ প্ৰাপ্ত বায়ু সেনা বিষয়া ঠগিৰাম গগৈয়ে পতাকা উত্তোলন কৰে । তাৰ পিছতে  ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে । জয়া গগৈ মহাবিদ্যালয় অধ্যক্ষ শুভাৰাণি বৰকটকী শৰ্মা  শ্বহীদ তৰ্পন কৰি কাৰ্গিল বিজয় দিৱস উদযাপন  কৰে l