বিশ্ব পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন |

ৰাজ্যত ক'ভিড সংক্ৰমন সম্যক নিয়ন্ত্ৰনৰ মাজতে আজি বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশ দ্বাৰত আজি পুৱা আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰৱেশ দ্বাৰৰ ফিটা কাটি ২০২১ - ২২ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ অনুষ্ঠানৰ আৰম্ভনীতে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মন্ত্ৰী অতুল বৰাক সভাস্থলীলৈ গায়ন বায়নেৰে আদৰি অনা হয় ৷ অনুষ্ঠানত বন বিভাগৰ মুখ্য বন বল অমৃত সাহাই আৰু মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ , গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়নৰ লগতে বোকাখাত আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিও উপস্থিত থাকে ৷


কহঁৰাৰ মিহিমুখ প্ৰৱেশ দ্বাৰত ফিটা কাটি দ্বাৰ উন্মোচন কৰি কৃষি মন্ত্ৰী অতুল বৰা আৰু উপস্থিত অতিথিৰে জীপচিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৷ উদ্যান দৰ্শনৰ পিচত বন মন্ত্ৰী গৰাকীয়ে অতিথি সকলৰ সৈতে বন বিভাগৰ হাতীক খাদ্য প্ৰদান কৰে ৷ বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া ভাষণৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰ্হি ৰাজ্যৰ পৰা অহা পাচ গৰাকী পৰ্যটকক ফুলাম গামোছাৰে কাজিৰঙালৈ আদৰণী জনায় ৷ 


বানে বিধস্ত কৰি যোৱাৰ পিচত আজি কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলৰ আংশিক পথহে পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বা বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে বাকী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰিব বুলি উদ্যান কৰ্তৃপক্ষই জনায় ৷ সদ্যহতে পৰ্যটকৰ বাবে জীপ চাফাৰীহে মুকলি কৰা হৈছে বুলিও লগতে  জানিবলৈ দিয়ে ৷ অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ নিৰ্মিত এখন তথ্য চিত্ৰৰ বুটাম টিপি উন্মোচন কৰে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যয়ে ৷