বানপানীক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সভা : বন বিভাগ, আৰক্ষী, জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ অংশ গ্ৰহন :

বানপানীক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সভা : বন বিভাগ, আৰক্ষী, জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ অংশ গ্ৰহন  :
Aiidesh Photo

Aiidesh News  : 21 May - 2024  :

আগন্তুক হ'ব পৰা বানপানী সম্পৰ্কে আলোচনা কৰিবৰ বাবে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সভা কঁহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ গুৰুত্বপূৰ্ণ এই সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, গোলাঘাট,  নগাওঁ আৰু কাৰ্বি আংলং জিলাৰ অসামৰিক আৰু জিলা প্ৰশাসনৰ লগতে কাজিৰঙাত কৰ্মৰত বিভিন্ন বেচৰকাৰী সংগঠনৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে অংশ গ্ৰহন কৰে ৷ কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষৰ আৰম্ভনী ভাষণেৰে আৰম্ভ হোৱা আজি এই সভাখনত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশে সচিত্ৰ উপস্থাপনেৰে কাজিৰঙাৰ বানপানীৰ পৰিস্থিতি ডাঙি ধৰাৰ বিপৰীতে ৱাইল্ড লাইফ ইণ্ডিয়াৰ পশুচিকিৎসক ডা০ ভাস্কৰ চৌধুৰীয়েও সচিত্ৰ উপস্থাপনেৰে কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই বানপানী সময়ত উদ্ধাৰ কৰি বনাঞ্চলত পুনৰ সংস্থাপন আৰু প্ৰতিপালনৰ সবিশেষ দাঙি ধৰে ৷ 

পৰৱৰ্তী সময়ত হোৱা আলোচনাত বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং,  দুৰ্যোগ প্ৰশমন বিভাগৰ গোলাঘাট জিলাৰ বিষয়া ৰণী ৰাজখোৱা, কাৰ্বি আংলং জিলাৰ বিষয়া স্মিতা চেতীয়া, সাংবাদিকৰ হৈ কাজিৰঙাৰ নীলপদ্ম শৰ্মা, কলিয়াবৰৰ জেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰ, ৰঞ্জিত ৰজক, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নীলোৎপল খাউণ্ড,  চাহ জনজাতি ছাত্ৰ সন্থাৰ অমিত গড়, টাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকন,  কৰবেট ফাউণ্ডেচনৰ দিব্যজ্যোতি শইকীয়া, বাগৰিৰ সামৰিক চাইনি সেনা বিষয়া কৰ্নেল অজিত সিং, আৰণ্যকৰ ভাস্কৰ বাৰুকিয়াল আৰু  নিকাৰ প্ৰমোদ হাজৰিকাই সাম্ভাব্য বানপানীৰ সময়ত ল’ব লগা বিভিন্ন ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়ায় ৷ 

আলোচনাত বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰ আৰু কাৰ্বি আংলংৰ এলেকাত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ সুৰক্ষা, যানবাহনৰ গতি নিয়ন্ত্ৰন,  ৰাষ্ট্ৰীয় পথাংশত টাইম কাৰ্ডৰ ব্যৱস্থা, কাষৰীয় গ্ৰামাঞ্চল আৰু চাহ বাগিছাত সজাগতা সভা কৰা, বানপানীৰ বাবে ল'ব লগা স্বেচ্ছাসেৱক আৰু তেওঁলোকৰ প্ৰশিক্ষণ, গাওঁৰক্ষী বাহিনী, গাওঁ পঞ্চায়ত আৰু পাৰিপাশ্বিক উন্নয়ন সমিতিক সজাগ কৰিব পৰাকৈ সভা,  বন্যপ্ৰাণী উদ্ধাৰ আৰু চিকিৎসা, কাজিৰঙাৰ প্ৰসাৰিত অঞ্চলত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ প্ৰয়োগ  আদি ৰ ওপৰত আলোচনা কৰা হয় ৷ সভাৰ শেষত কঁহৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে গুৰুত্বপূৰ্ণ এই সভাত অংশগ্ৰহন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ 

**********