শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰে শ্ৰম পৰিদৰ্শকৰ বোকাখাত চাহ বাগিছা পৰিদৰ্শন : বাগিছা শ্ৰম আইনৰ উলংঘাৰ অভিযোগ : কৰ্তৃপক্ষক সকীয়নী :

শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰে শ্ৰম পৰিদৰ্শকৰ বোকাখাত চাহ বাগিছা পৰিদৰ্শন  : বাগিছা শ্ৰম আইনৰ উলংঘাৰ অভিযোগ  : কৰ্তৃপক্ষক সকীয়নী :
Aiidesh Photo
শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰে শ্ৰম পৰিদৰ্শকৰ বোকাখাত চাহ বাগিছা পৰিদৰ্শন  : বাগিছা শ্ৰম আইনৰ উলংঘাৰ অভিযোগ  : কৰ্তৃপক্ষক সকীয়নী :

শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰে শ্ৰম পৰিদৰ্শকৰ বোকাখাত চাহ বাগিছা পৰিদৰ্শন  : বাগিছা শ্ৰম আইনৰ উলংঘাৰ অভিযোগ  : কৰ্তৃপক্ষক সকীয়নী : 

Aiidesh News  : 4 July 2023  : 

অসমৰ চাহ বাগিছা সমুহৰ পৰিচালনা, নিয়ন্ত্ৰন, শ্ৰমিক সকলৰ সুৰক্ষা আৰু কল্যানৰ বাবে ১৯৫১ চনতেই বাগিছা শ্ৰম আইন খন গৃহীত কৰি প্ৰযোজ্য কৰা হৈছিল ৷ কিন্তু এই আইনক উপেক্ষা কৰি ৰাজ্যৰ বহু চাহ বাগিছাত আজিও বৃটিছৰ দিনৰ ব্যৱস্থা আৰু শোষণ চলি আহিছে ৷ বোকাখাত মহকুমাৰ বোকাখাত চাহ বাগিছাতো বাগিছাৰ কৰ্তৃপক্ষই বাগিছা শ্ৰম আইনখনক বাৰে বাৰে উলংঘা কৰি শ্ৰমিক সকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । বোকাখাত চাহ বাগিচাত চাহ শ্ৰমিকৰ সকলৰ সমস্যা আৰু বাগিছা কৰ্তৃপক্ষই বেআইনী কাৰ্য কৰা কাৰ্যৰ চৰজমিন তদন্তৰ বাবে আজি বোকাখাত চাহ বাগিছা পৰিদৰ্শন কৰে   বোকাখাত মহকুমাৰ শ্ৰম পৰিদৰ্শক মনচুম কাশ্যপে ৷ পৰিদৰ্শৰ গৰাকীয়ে ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বোকাখাত শাখাৰ সম্পাদক মনোজ কৰ্মকাৰ ,আটছা গোলাঘাট জিলাৰ সম্পাদক সুশীল কালিন্দী, আটছা বোকাখাত উপ শাখাৰ সম্পাদক কৃশন তাঁতী , অসম চাহ মজদুৰ সংঘৰ বোকাখাত বাগিছা সংঘৰ সভাপতি ভীম মুণ্ডা আৰু যুটীয়া সম্পাদক ভদ্ৰেশ্বৰ তাঁতীৰ উপৰিও বাগিচাৰ সহকাৰী পৰিচালক, বাগিচাৰ কল্যাণ বিষয়া বাবুল কালিন্দী , আটছা বোকাখাত বাগিচা প্ৰাথমিক গোটৰ সভাপতি-সম্পাদক আৰু শ্ৰমিকক লগত লৈ বাগিছা খনৰ শ্ৰমিকৰ ঘৰে ঘৰে গৈ শ্ৰমিকৰ জীৱন ধাৰণৰ লগতে সন্মুখীন হোৱা সমস্যাৰ বুজ লয় ৷ 

উল্লেখ্য যে কোম্পানীৰ অধীনৰ বোকাখাত চাহ বাগিছাৰ বেছি সংখ্যক শ্ৰমিকৰেই  অনাময় ব্যৱস্থা অতি শোচনীয় ৷ বহু শ্ৰমিকৰ বাসগৃহৰ অৱস্থাও জৰাজীৰ্ণ ৷ দুৱাৰ খিৰিকী ভগা ছিগা আৰপ বেৰবোৰো জৰাজীৰ্ণ ৷ বাগিছাখনৰ বহু শ্ৰমিকৰ পকী বাসগৃহও নাই । শ্ৰমিক লাইনৰ পানী যোৱা নলাৰ অৱস্থাও একেবাৰে সুচনীয় । বহু শ্ৰমিকে এক অস্বাস্থ্যকৰ পৰিৱেশত জীৱন কটাব লগা হৈছে ৷ সুদীৰ্ঘ দিন চিকিৎসক অবিহনে চলি আছে বোকাখাত চাহ বাগিছাৰ চিকিৎসালয় ৷ যাৰ বাবে চিকিৎসাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে বাগিছাখনৰ শ্ৰমিক সকল ৷

বাগিছা শ্ৰম আইন মতে থাকিব লগা শিশুৰ ওমলা ঘৰ বা ক্ৰেচ হাউচ বন্ধ কৰি ৰখা হৈছে । শ্ৰমিকৰ বাসগৃহ নিৰ্মান কৰাতো দুৰৰে কথা দীৰ্ঘ দিন ধৰি বাসগৃহ মেৰামতি নকৰাৰ অভিযোগ পোৱা গৈছে । অভিযোগ মতে বাগিছা খনৰ পৰিচালকে শ্ৰমিক সকলক বিভিন্ন ধৰনে হাৰাশাস্তি কৰাৰ লগতে নিজৰ দখলত থকা মাটিত ঘৰ সজাৰ পৰা বঞ্চিত  কৰি শ্ৰমিক সকলৰ ব্যক্তি স্বাধীনতাও খৰ্ব কৰি আহিছে । যাৰ ফলত শ্ৰমিক সকল এতিয়া নুন্যতম মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ৷ 

বাগিচাৰ শ্ৰম আইন খনক সম্পূৰ্ণ সন্মান কৰি শ্ৰমিকৰ সমস্যা শীঘ্ৰেই সমাধান কৰিবৰ বাবে সকলোৰে উপস্থিতিত শ্ৰম পৰিদৰ্শকে বোকাখাত চাহ বাগিছাৰ কৰ্তৃপক্ষক সকিয়নী দিয়াৰ উপৰিও সমস্যাৰ সমাধান নহলে আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও জনায় ৷

********