কাজিৰঙাৰ গঁড় ঋতুকালিন প্ৰজননৰ বিৰল দৃশ্য

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যান খনত সম্প্ৰতি ২৪১৩ টাৰো অধিক গঁড় আছে ৷ সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ পৰা মে' জুন মাহলৈকে গঁড়ৰ প্ৰজননৰ সময় ৷ প্ৰজননৰ পাচত প্ৰায় ১৬ মাহ গৰ্ভ ধাৰণ কৰি পোৱালী জন্ম দিয়ে গঁড়ে ৷ প্লাৱিত উপত্যকাৰ জৈৱতন্ত্ৰৰ বাবে বিখ্যাত কাজিৰঙাত এতিয়া গঁড়ৰ প্ৰজননৰ সময় ৷ কাজিৰঙাৰ গঁড় এই ঋতুকালিন প্ৰজননৰ বিৰল দৃশ্য 'এইদেশত ৷ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ কেমেৰাৰে এইদেশৰ পৰিবেশন ৷  প্ৰজননৰ সময় প্ৰায় ডেৰ ঘন্টাৰো অধিক ৷ স্তন্যপ্ৰায়ী প্ৰাণী ভিতৰত আটাইতকৈ দীৰ্ঘতম সময়ৰ প্ৰজনন ৷