লক ডাউনৰ মাজতে সমাপ্ত হ'ল বোকাখাত পৌৰসভাৰ কাৰ্যকাল : নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব পৌৰসভা :

লক ডাউনৰ মাজতে সমাপ্ত হ'ল বোকাখাত পৌৰসভাৰ কাৰ্যকাল : নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব পৌৰসভা :
বোকাখাত পৌৰসভাৰ কাৰ্যকাল

লক ডাউনৰ মাজতে সমাপ্ত হ'ল বোকাখাত পৌৰসভাৰলক কাৰ্যকাল : নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব পৌৰসভা :


দেশত লক ডাউন চলি থকাৰ মাজতে আজি বোকাখাত পৌৰসভাৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰে ৷ চাৰিটা ৱাৰ্ডেৰে গঠিত বোকাখাত পৌৰসভাই এইখন সমিতিৰ কাৰ্যকালতে নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হৈছিল ৷ আজি কাৰ্যকাল সমাপ্তি হোৱা সমিতিৰ পৌৰপতি আছিল চিত্ৰা কাৰ্ডং ৷ এওঁ নগৰখনৰ ১ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল ৷ সমিতি খনৰ  উপ পৌৰপতি আছিল সঞ্জীৱ শইকীয়া আৰু এওঁ নগৰৰ ৩ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল ৷ বাকী দুজন ৱাৰ্ড মেম্বাৰ আছিল ২ নং ৱাৰ্ডৰ পিকংলা ছেত্ৰী আৰু ৪ নং ৱাৰ্ডৰ ৰাণাদেৱ নাথ ৷ চিত্ৰা কাৰ্ডং আৰু সঞ্জীৱ শইকীয়াই বেচৰকাৰী সংগঠন বোকাখাত নিৰ্মান গোটৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ৰাণা দেৱ নাথে ভাৰতীয় জনতা পাৰ্টি আৰু পিংকলা ছেত্ৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল যদিও ৷ পৌৰপতি চিত্ৰা কাৰ্ডং আৰু উপ পৌৰপতি সঞ্জীৱ শইকীয়াই পৰৱৰ্তী সময়ত অসম গন পৰিষদত যোগদান কৰিছিল ৷ আজি কাৰ্যকাল শেষ হোৱাৰ পাচৰে পৰাই নিৰ্বাচন নোহোৱা পৰ্য্যন্ত বোকাখাতৰ ৰাজহ বিভাগৰ চক্ৰ বিষয়াৰ পৰিচালনাত চলিব পৌৰসভাখন ৷ বিদায়ী পৌৰসভাখনৰ কাৰ্যকালত বোকাখাত নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হলেও চাৰিটা ৱাৰ্ডৰ পৰা ৮ বা দহটা ৱাৰ্ডলৈ সম্প্ৰসাৰিত নহল বোকাখাত পৌৰসভা খনৰ পৰিসৰ ৷ ১৩ মাহৰ দৰমহা পাবলৈ থাকিল পৌৰসভাখনৰ কৰ্মচাৰী সকলে ৷ লক ডাউনৰ মাজতে কাৰ্যকাল শেষহোৱাৰ বাবে বিদায় সভা আয়োজন নকৰি পৌৰসভাৰ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ পৌৰসভাৰ সদস্য সকলক বিদায় সম্ভাষণ জনায় গৈ ৷