বোকাখাতৰ এক অগ্ৰণী অনুষ্ঠান মুক্‌কৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদানৰ মনোজ্ঞ অনুষ্ঠান :

বোকাখাতৰ এক অগ্ৰণী অনুষ্ঠান মুক্‌কৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদানৰ মনোজ্ঞ  অনুষ্ঠান :
Aiidesh Photo
বোকাখাতৰ এক অগ্ৰণী অনুষ্ঠান মুক্‌কৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদানৰ মনোজ্ঞ  অনুষ্ঠান :

বোকাখাতৰ এক অগ্ৰণী অনুষ্ঠান মুক্‌কৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু শৈক্ষিক বঁটা প্ৰদানৰ মনোজ্ঞ  অনুষ্ঠান : 

Aiidesh News  : 24 June  2023  :

বোকাখাত অগ্ৰনী অনুষ্ঠান মুক্‌ক উদ্যোগত বানে গৰকা  ধনশিৰিমুখ আৰু মৰিধনশিৰি গাঁও পঞ্চায়তৰ এলেকাৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন আৰু শৈক্ষিক বঁটাৰে পুৰস্কৃত কৰাৰ এক বিশেষ অনুষ্ঠান অলপতে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত বৃহত্তৰ ধনশিৰিমুখ অঞ্চলৰ পৰা উল্লেখিত পৰীক্ষাত ডিষ্টিংশ্বন আৰু ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত  সুখ্যাতিৰে উত্তীৰ্ণ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক বঁটা আৰু অভিনন্দন জনোৱা হয় ৷

"মুক্‌ক"ৰ সভাপতি বিজু পেগুৰ পৌৰহিত্যত ধনশিৰিমুখ জনজাতি হাইস্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এই অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত উচ্চতৰ কলা শাখাত অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা পল্লৱজ্যোতি দলেক প্ৰয়াত ধনেশ্বৰ দলে আৰু পুৰ্মী দলে সোঁৱৰণি শৈক্ষিক বঁটা', বিজ্ঞান শাখাত সৰ্বাধিক নম্বৰ পোৱা বাৰ্বী পাটগিৰিক প্ৰয়াত চেপেতা দলে সোঁৱৰণী শৈক্ষিক বঁটা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধনশিৰিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা প্ৰিয়কান্ত পেগু আৰু বোকাখাত কাজিৰঙা মডাৰ্ণ হাইস্কলৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা প্ৰিন্সিপিয়া দলেক প্ৰয়াত দণ্ডিৰাম চিন্তে আৰু শাওনী চিন্তে সোঁৱৰণী শৈক্ষিক বঁটা , হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকা চিন্তেক প্ৰয়াত গোপাল (কছাৰি) দলে সোঁৱৰণী শৈক্ষিক বটা আৰু বোকাখাতৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী গীতাশ্ৰী কামানক প্ৰয়াত মনেৰাম পেগু আৰু কালী পেগু সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হয় ৷ দাঁতাৰ পৰিয়ালৰ সদস্য সকলে প্ৰদান কৰা এই শৈক্ষিক বঁটাত মানপত্ৰ, সফুঁৰা, নগদ ধন আৰু একোটাকৈ কলম প্ৰদান কৰা হয় ।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বোকাখাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতি বিকাশ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক ফণিধৰ হাজৰিকা, বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি কনক দলে, বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি বগাই চিন্তে, টি এম পি কে জিলা সভাপতি জিতু বৰি, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক বিমানজ্যোতি লয়িং, ধনশিৰিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল ফুকন আৰু মজলীয়া বিদ্যালয়ৰ প্ৰধান সঞ্জীৱ চক্ৰৱতী, খগেন উপাধ্যায়, ধনশিৰিমুখ ভাগৱত পাঠ ও নাম কীৰ্তন সমিতিৰ সভাপতি কমল পাটগিৰি, চন্দ্ৰকান্ত দলে, মেদেল দলে আদি ব্যক্তি সকল উপস্থিত থাকে ৷ মুক্‌ক দ্বাৰা আয়োজিত এই অভিনন্দন অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শেষত শলাগ জ্ঞাপন কৰে বগাই চিন্তে আৰু কমল পাটগিৰিয়ে । 

********