কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাষৰীয় গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান : দুটা ৰেঞ্জত এতিয়াও চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাষৰীয় গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান : দুটা ৰেঞ্জত এতিয়াও চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান :
Photo : Uttam Saikia

AIIDESH NEWS. 3 June :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ স্বাস্থ্যৰ নিৰাপত্তা বহু পৰিমানে নিৰ্ভৰ কৰে কাষৰীয় অঞ্চলৰ পোহনীয়া গৰু ম'হৰ ওপৰত ৷ যাৰ বাবে কাষৰীয় গাওঁবোৰৰ পোহনীয়া গৰু ম'হক প্ৰতি বছৰতেই উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বিনামুলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ চলিত বৰ্ষতো প্ৰদান কৰা হৈছে এই প্ৰতিষেধক ৷ কাজিৰঙাত কৰ্মৰত বেচৰকাৰী সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাউণ্ডেচন আৰু ভূমিৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদানৰ অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত, বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলত এই অভিযানৰ সামৰণি পৰিছে ৷ এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখৰ কাষৰীয় গাওঁবোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাতৰ দৰে সংক্ৰমিত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক বিধ প্ৰদান কৰা হৈছে ৷ আন্ত:ৰাষ্ট্ৰীয় সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে এই প্ৰতিষেধৰ যোগান ধৰিছে ৷ বিগত চাৰিটা বছৰত পশু চিকিৎসা বিভাগৰ সহযোগত কাষৰীয় গাওঁৰ পশুধনক প্ৰদান কৰি অহা হৈছে এই প্ৰতিষেধক ৷ চলিত বৰ্ষৰ মে' মাহত কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ কাষৰীয় গাওঁ আৰু চপৰিৰ মুঠ ৩,০২২ গৰু ম'হ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১,৫৮৪ টা গৰু ম'হ ৰ লগতে অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁৰ মুঠ ৩,৯৪৫ গৰু ম'হক এই প্ৰতিষেধক প্ৰদান কাৰ্যৰ সামৰণি পৰিছে ৷ এতিয়ালৈকে কাষৰীয় গাওঁৰ ১০,৬৩৯ টা পশুধনক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সম্প্ৰতি এই অভিযান চলি আছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰতিষেধক প্ৰদান অভিযানত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ পশু চিকিৎসা বিভাগৰ পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক , গোপাল মিত্ৰ আৰু মৈত্ৰি সদস্যই সহায় কৰে ৷ যাৰ বাবে তিনিটা বনাঞ্চলত এই বৃহৎ সংখ্যক পশুধনক প্ৰতিষেধ প্ৰদান কৰিব পৰা গৈছে বিভাগীয় সুত্ৰত প্ৰকাশ ৷ বুঢ়াপাহাৰ বনাঞ্চলত আৰণ্যকৰ আৰিফ হোছেইন , বাগৰিত বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতী , কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচনৰ ডা৹নবীন পাণ্ডে আৰু অগৰাতলি আৰু বোকাখাত বনাঞ্চলত অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই প্ৰতিষেধক প্ৰদানৰ এই অভিযান পৰিচালনা কৰে ৷ কাষৰীয় গাওঁৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গৰু ম'হৰ চাপৰিতো ২০১৬ চনৰ পৰাই পোহনীয়া গৰু ম'হক এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ যাৰ বাবে বিগত সময়ত এইবোৰ অঞ্চলত সংক্ৰমন ৰোগৰ হোৱাৰ বাতৰি পোৱা নাই ৷