বোকাখাতৰ জেষ্ঠ চিকিৎসকে কৰ'ণাৰ ওপৰত লিখা প্ৰথমখন অসমীয়া গ্ৰন্থ উন্মোচন :

বোকাখাতৰ জেষ্ঠ চিকিৎসকে কৰ'ণাৰ ওপৰত লিখা প্ৰথমখন  অসমীয়া গ্ৰন্থ উন্মোচন :
Photo : Uttam Saikia
বোকাখাতৰ জেষ্ঠ চিকিৎসকে কৰ'ণাৰ ওপৰত লিখা প্ৰথমখন  অসমীয়া গ্ৰন্থ উন্মোচন :


কৰ'ণা ভাইৰাছে বিশ্বত মানুহ জাতিৰ বাবে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়ত বোকাখাতৰ  অৱসৰ প্ৰাপ্ত জেষ্ঠ চিকিৎসক ডা৹ বোধেশ্বৰ গগৈয়ে কৰ'ণা ভাইৰাচক লৈ লিখি উলিয়াইছে এখন গ্ৰন্থ ৷ কৰ'ণা ভাইৰাছ আৰু এই ভাইৰাছৰ পৰা উদ্ভৱ হোৱা কভিড ১৯ ৰ সকলো বিষয় সামৰি চিকিৎসক জনে লিখা এই গ্ৰন্থখনৰ নাম"এ ট্ৰিবিউট টু মেন কাইণ্ড ক'ৰোনা " ৷ গ্ৰন্থ খন প্ৰকাশ কৰিছে পিপ'ল এণ্ড চাইন্স চছাইটি নামৰ সংগঠনৰ হৈ প্ৰণতি হাজৰিকাই ৷ শুক্ৰবাৰৰ পুৱা বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ডা৹ বোধেশ্বৰ গগৈয়ে কৰ'ণা ভাইৰাছকলৈ লিখা গ্ৰন্থ খন উন্মোচন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ৷ শুক্ৰবাৰৰ দিনা সম্পুৰ্ণ কায়িক ব্যৱধান বজাই ৰাখি মহকুমাধিপতিৰ কাৰ্যালয়ত মষ্টিমেয় সাংবাদিকৰ উপস্থিতিত ক'ৰোনা নামৰ গ্ৰন্থ খন উন্মোচন কৰে মহকুমাধিপতি বিবেক শ্যামে ৷ গ্ৰন্থ উন্মোচন কৰি মহকুমাধিপতি গৰাকীয়ে মন্তব্য কৰে যে ডা৹ বোধেশ্বৰ গগৈৰ এই গ্ৰন্থই মানুহৰ মাজত কৰ'ণা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিত সহায় কৰিব ৷ ডা৹ বোধেশ্বৰ গগৈৰ গ্ৰন্থ খন কৰ'ণাৰ সম্পৰ্কত অসমত প্ৰকাশিত প্ৰথম গ্ৰন্থ হ' বুলিও তেওঁ মন্তব্য কৰে ৷ কৰ'ণাৰ ভাইৰাচে সৃষ্টি কৰা কভিড ১৯ ৰোগ চিনাক্ত কৰা চিকিৎসক ডা৹ লি উইলিয়াং আৰু এই ৰোগত বিশ্বত নিহত হোৱা চিকিৎসক আৰু চিকিৎসক কৰ্মীৰ নামত গ্ৰন্থখন উৰ্চগা কৰিছে লেখক ডা৹ বোধেশ্বৰ গগৈয়ে  ৷