কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে চলি আছে ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ গোপন বেহা : ১০ টা ফুটুকী চেং মাছ সহ তিনি চোৰাং ব্যৱসায়ীক আটক :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে চলি আছে ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ গোপন বেহা :  ১০ টা ফুটুকী চেং মাছ সহ তিনি চোৰাং ব্যৱসায়ীক আটক  :
Aiidesh Photo

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে চলি আছে ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ গোপন বেহা :  ১০ টা ফুটুকী চেং মাছ সহ তিনি চোৰাং ব্যৱসায়ীক আটক  :

Aiidesh News  : 22nd October  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে চলি  আছে বিৰল প্ৰজাতিৰ ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ গোপন বেহা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপন আৰু কৌশলেৰে কৰায়ত্ব কৰি দীৰ্ঘ দিনৰ পৰা একাংশ চোৰাং ব্যৱসায়ীয়ে চলাই আহিছে ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ ব্যৱসায় ৷ আজি দিনৰ ভাগত এক গোপন সুত্ৰৰ আধাৰত বন্যপ্ৰাণী চোৰাং ব্যৱসায় নিয়ন্ত্ৰনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ নেতৃত্ব কঁহৰাত চলোৱা এক তালাচীত AS 01LC 1744 নম্বৰৰ এখন গুৱাহাটীৰ চুইফট ডিজায়াৰ গাড়ীৰ পৰা ১০ টা অতি বিৰল প্ৰজাতিৰ ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ সৈতে দুজন লোকক অভিযানকাৰী আৰক্ষীয়ে কৰায়ত্ব কৰে ৷  

চানা বাৰ্কা মাছৰ সৈতে আৰক্ষীয়ে কৰায়ত্ব কৰা ধৃত লোক দুজন হ'ল হাজোৰ ফকিৰতলাৰ নিৱাসী আব্দুল ৰহমান আৰু দৰং জিলাৰ দলগাওঁৰ সোনাৰী গাওঁৰ লিয়াচিন আলি ৷ ধৃত লোক দুজনক আৰক্ষীয়ে বন বিভাগৰ হাতত অৰ্পন কৰাৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিযানকাৰী দলে উক্ত লোক দুজনক চানা বাৰ্কা মাছ বিক্ৰী কৰা বোকাখাতৰ পানবাৰী আদৰ্শ মিচিং গাওঁৰ নিৱাসী দেৱকান্ত চাৰ'ক আটক কৰে  ৷ ঘটনা সম্পৰ্কত এতিয়াও অভিযান অব্যাহত ৰাখিছে কাজিৰঙাৰ অভিযানকাৰী দলে ৷ ঘটনা সংক্ৰান্তত আৰু লোক আটক হোৱাৰ সমভাৱনা আছে ৷ জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি সংগোপনে সংগ্ৰহ কৰা এই মাছ লৈ স্থানীয় দেৱকান্ত চাৰ'ই আব্দুল ৰহমান আৰু লিয়াচিন আলীক বিক্ৰী কৰিছিল ৷ 

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় বজাৰত এটা ফুটুকী চেংৰ দাম প্ৰায় ৭৫ হেজাৰ টকা ৷ সাপৰ মুৰৰ আকৃতিৰ আৰু দেখাত চেঙেলী মাছৰ দৰে এই চান্না বাৰ্কা মাছ ব্ৰহ্মপুত্ৰ উপত্যকা নেপাল আৰু বাংলাদেশৰ ঠাই বিশেষে পোৱা এবিধ বিৰল প্ৰজাতিৰ মাছ ৷ বিৰল প্ৰজাতি এই চান্না বাৰ্কা মাছৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত চাহিদা থকাৰ বাবেই ইয়াৰ এখন চোৰাং বজাৰ গঢ়ি উঠিছে ৷

ইয়াৰ পূৰ্বে বোকাখাতৰ পৰা যোৱা এজন লোকক যোৱা ২৮ আগষ্টতো জখলাবন্ধাত স্থানীয় লোকে আটক কৰি বন বিভাগক গতাই দিছিল ৷ জখলাবন্ধাত সন্দেহজনক ভাৱে ঘুৰি ফুৰা   অৱস্থাত স্থানীয়লোকে কৰায়ত্ব কৰা এই লোক জন দৰং জিলাৰ দলগাওঁ থানা এলেকাৰ শিয়ালমাৰী গাওঁৰ মহম্মদ মাৰুপ আলী বুলি চিনাক্ত কৰিছিল বন বিভাগে ৷ আগষ্ট মাহৰ এই ঘটনাৰ পিচতেই ফুটুকী চেং বা চান্না বাৰ্কা মাছৰ এই গোপন ব্যৱসায়ত কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলৰ লোকো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল ৷

*******