ডিফুত ,সেনা- আৰক্ষীৰ যুটীয়া অভিযানত তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

ডিফুত ,সেনা- আৰক্ষীৰ  যুটীয়া অভিযানত তিনি দূৰ্ধৰ্ষ গঁড় চিকাৰী আটক

ডিফুৰ পৰা এই দেশঃএকে চিৰিজৰ ৰাইফল, গ্ৰেণেড সহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ ৷ মঙ্গলবাৰে ডিফুত সেনা-আৰক্ষী আৰু  CRPF ৰ যুটীয়া অভিযানত দূৰ্ধৰ্ষ তিনিটাকৈ  চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত চিকাৰীকেইটাৰ পৰা বহু সংখ্যক অস্ত্ৰ উদ্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়  । উল্লেখ্য যে  যোৱা ২৮ মে ত ধনশিৰিৰ এক ভিতৰুৱা এলেকাত বনকৰ্মীৰ এটা দলৰ সৈতে চোৰাং  চিকাৰীৰ এটা দলৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলত এটা  চিকাৰীৰ থিতাতে নিহত হৈছিল ।  বিপৰীতে দলটোৰ আনকেইটা চিকাৰী  পলাই সাৰিবলৈ সক্ষম হৈছিল  ৷ তেতিয়াৰে পৰা কাৰবি আংলং  জিলা আৰক্ষীয়ে দূৰ্ধৰ্ষ চোৰাং  চিকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে ৷ কেইবাদিন ধৰি চলোৱা অভিযানৰ অন্তত আৰক্ষীয়ে এই  সফলতা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে  আৰক্ষীয়ে এক খবৰ পাই  মণিপুৰৰ পৰা  ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰিবলৈ সক্ষম হয় ৷ ইফালে এই তিনিওটা দূৰ্ধৰ্ষ গঁড় চিকাৰীৰ স্বীকিৰোত্তিৰ ভিত্তিত উদ্ধাৰ হোৱা বুজন পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰে সকলোৰে  চকু কঁপালত উঠিছে ৷গঁড় চিকাৰী চক্ৰটোৰ স্বীকাৰোত্তিৰ ভিত্তিত আঞ্জুকপানী থানাৰ থেকেৰাজানত অভিযান চলাই এই বৃহৎ পৰিমাণৰ অস্ত্ৰ হস্ত্ৰ আৰু গুলী  উদ্ধাৰ হয়