জিতু শইকীয়া ফাউণ্ডেচন আৰু ইয়ং বিগ্ৰেডৰ উদ্যোগত বাদুলিপাৰ চাহ বাগিছাত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ : তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন :

জিতু শইকীয়া ফাউণ্ডেচন আৰু ইয়ং বিগ্ৰেডৰ উদ্যোগত  বাদুলিপাৰ চাহ বাগিছাত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ : তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহন  :

Aiidesh News  :  5July 2023  :

বোকাখাতৰ জিতু শইকীয়া, কংগ্ৰেছৰ ইয়ং বিগ্ৰেড আৰু  অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ উদ্যোগত বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ সময়ত ছাত্ৰছাত্ৰী সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে বিনামুলীয়া  বিভিন্ন কৰ্মশালাৰ আযোজন কৰি আহিছে । সম্পূৰ্ণ বিনামূলীয়াকৈ এই কৰ্মশালা সমূহত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ গ্ৰহন কৰাৰ সুবিধা প্ৰদান কৰি জিতু শইকীয়া ফাউণ্ডেচনে বোকাখাতৰ চুকে কোনে থকা প্ৰতিভা  বিকাশৰ সুবিধা প্ৰদান কৰিছে ।  বিগত বৰ্ষৰ দৰে এইবাৰৰ এই লানি কৰ্মশালাৰ লগতে বাদুলীপাৰত আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলায়া ফুটবল প্ৰশিক্ষণ শিৱিৰ । 

৪ জুলাইত বাদুলিপাৰ চাহ বাগিছা খেল পথাৰত আৰম্ভ কৰা এই এমহীয়া ফুটবল প্ৰশিক্ষণ শিবিৰত বাদুলিপাৰ,ৰঙামাটি, বন বাগান, নামটেমেৰা,ওপৰ টেমেৰা, ৰঙাগড়া,গৰিয়াজান, খুমটাই আদিৰ পৰা অহা প্ৰায় তিনিশ প্ৰশিক্ষাৰ্থীয়ে  ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।  এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাদুলি পাৰ চাহ বাগিছাৰ কল্যাণ বিষয়া জ্যোতি প্ৰকাশ কূৰ্মীয়ে ।অনুষ্ঠানত  প্ৰশিক্ষনৰ দায়িত্বত থকা  ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক  প্ৰাঞ্জল গগৈ, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰকাশ ঘাটোৱাৰ, মানস জ্যোতি শইকীয়া, বিৰিঞ্চি ফুকনৰ উপৰিও  বোকাখাত ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ সুভাষ চাহু , বাদুলিপাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিমান গগৈ, সম্পাদক প্ৰণব গগৈ, বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ প্ৰাৰ্চী  আটছাৰ গোলাঘাট জিলাৰ সভাপতি ৰাবুল তুৰি, বাদুলিপাৰ ক্ৰীড়া সন্হাৰ সম্পাদক প্ৰফুল্ল দাস, বিনোদ ভূঞাঁ, বাদুলিপাৰ চাহ বাগিছা সংঘৰ সভাপতি প্ৰবীৰ প্ৰাৰ্চী সম্পাদক ৰাজেশ ৰবিদাস স্হানীয় সমাজ কৰ্মী জয়ন্ত গগৈ,দেবেন ভূঞা, আব্দুল খান, পুৰণমল ভূঞা , মন্টু বৰা,ঈদুল হুছেইন, বিনোদ কৰ্মকাৰ,  দিলিপ ৰবিদাস, আদিবাসী চাহ মজদুৰ কংগ্ৰেছৰ বোকাখাত ব্লকৰ সম্পাদক সুনীল তুৰি,  ইয়ং বিগ্ৰেডৰ ৰাজা ঢেকিয়াল ফুকন, প্ৰশান্ত বৰাকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে  ৷  এমহীয়া এই প্ৰশিক্ষণ শিবিৰৰ সামৰণিত এখন প্ৰীতি ফুটবল খেলৰ আয়োজন কৰা হ’ব বুলিও জিতু শইকীয়া ফাউণ্ডেচনৰ ফালৰ পৰা উদ্বোধনী অনুষ্ঠানতে ঘোষণা কৰে । 

উল্লেখ যে যোৱা ৩ জুলাইত জিতু শইকীয়া ফাউণ্ডেচন আৰু ইয়ং বিগ্ৰেদৰ উদ্যোগত নুমলীগড় নগৰাঞ্চল তিনিআলিত থকা ৰাজ এণ্ড পাহী প্লাজাত বিনামুলীয়াকৈ এমহীয়া নাট কৰ্মশালাৰ আৰম্ভণি কৰা হৈছে   । এই শিবিৰত ৰজাবাৰী, কুৰুৱাবাহী, নুমলীগড়, ৰৌ-দুৱাৰ পথাৰ, নুমলীগড় চাহ বাগিছা, লৱনঘাট, কানাইঘাট, পংকা, তেলগৰম, ৰংবং আদিৰ পৰা অহা দ্বি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । জিতু শইকীয়া ফাউণ্ডেচনৰ ন্যাসৰক্ষক  জিতু শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰো এজন সক্ৰিয় নেতা । বৰ্তমান ইয়ং বিগ্ৰেড আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্য্যকৰী সভাপতিৰ দৰে গুৰুদায়িত্বত থকা জিতু শইকীয়াই বিভিন্ন সামাজিক কাম কাজৰ জৰিয়তে বোকাখাতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

************