বোকাখাতত আজিৰে পৰা আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা : প্ৰতিযোগিতাত ৰাজ্যৰ ১৪২৯ গৰাকী প্ৰবীন খেলুৱৈৰ সমাৱেশ :

বোকাখাতত আজিৰে পৰা আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা  : প্ৰতিযোগিতাত  ৰাজ্যৰ ১৪২৯ গৰাকী প্ৰবীন খেলুৱৈৰ সমাৱেশ  :
Aiidesh photo

Aiidesh News  :  8th December  : 

আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা ৷ অসম মাষ্টাৰ্চ এথলেটিক সন্থাৰ উদ্যোগত আৰু বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থাৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত ৰাজ্যৰ মুঠ ৩৪ খন জিলাৰ ১৪২৯ গৰাকী প্ৰৱীন ক্ৰীড়াবিদে অংশ গ্ৰহন কৰিছে ৷ ইয়াৰে ৮১৩ গৰাকী পুৰুষ আৰু ৬১৬ গৰাকী মহিলা খেলুৱৈ ৷ আজি পুৱাৰে পৰাই বোকাখাতত আৰম্ভ হৈছে এই প্ৰতিযোগিতা ৷ যাৰ পটভুমিত এক উদুলি মদুলি পৰিৱেশে বিৰাজ কৰিছে বোকাখাতত ৷ 

আজি পুৱা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ৩৪ খন জিলাৰ ১৪২৯ গৰাকী প্ৰৱীন খেলুৱৈয়ে সমুহীয়া মাৰ্চ পাৰ্চত অংশ গ্ৰহন কৰে ৷ মাৰ্চ পাৰ্চেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত খেলুৱৈ সকলৰ অভিবাদন গ্ৰহন কৰে ৰাজ্যৰ বিশিষ্টি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু কৃষি মন্ত্ৰী অতুল বৰাই ৷ অনুষ্ঠানত বিশিষ্ট অতিথি সকলক আয়োজক সমিতিৰ হৈ সম্বৰ্ধনা জনোৱাৰ পিচতেই বিগত সময়ত মৃত্যু হোৱা সন্থাৰ কাৰ্যকৰ্তা আৰু প্ৰৱীন খেলুৱৈ সকলৰ স্মৃতিত শোক প্ৰস্তাৱ পাঠ কৰে মাষ্টাৰ্চ এথলেটিক সন্থাৰ সম্পাদক ৰাজকুমাৰ প্ৰদ্যুত বৰগোহাঁয়ে আৰু উপস্থিত সকলোয়ে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে ৷

উদ্বোধনী অনুষ্ঠানত অসম মাষ্টাৰ্চ এথলেটিক সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু আয়োজক সমিতি বোকাখাত মাষ্টাৰ্চ এথলেটিক সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ৰেব কান্ত হাজৰিকাই ৷ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা সমুহ জিলাৰে মুঠ ৩৩ খন পতাকাও বোকাখাতৰ ৰাজহুৱা খেল পথাৰত উত্তোলন কৰা হয় ৷ অনুষ্ঠানত কমনৱেল্ডথ গেমচৰ স্বৰ্ণজয়ী অৰ্জুন নয়নমনি শইকীয়াই প্ৰতিযোগিতাৰ অলিম্পিক শিখা প্ৰজ্বলন কৰে ৷ খেলুৱৈক শপত বাক্য পাঠ কৰোৱাই বোকাখাতৰ প্ৰবীন খেলুৱৈ উপেন বৰুৱাই ৷ আদৰণী ভাষন প্ৰদান কৰে অদৰণী সমিতিৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰাই ৷ আজিৰে পৰা ১১ ডিচেম্বৰলৈকে চলিব লগা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানতে ২৮ সংখ্যক মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়  ৷

******