কাজিৰঙা নিউজ নেটৱৰ্কৰ 'কাজিৰঙা বঁটা- ২০২৪' ঘোষণা ⦂ বিশিষ্ট চলচিত্ৰ পৰিচালক ৰীমা দাস, ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীলৈ বঁটা ⦂

কাজিৰঙা নিউজ নেটৱৰ্কৰ 'কাজিৰঙা বঁটা- ২০২৪' ঘোষণা ⦂ বিশিষ্ট চলচিত্ৰ পৰিচালক ৰীমা দাস, ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীলৈ বঁটা ⦂
Aiidesh Photo

Aiidesh News ⦂ 13 November - 2024 ⦂

বোকাখাতৰ এচাম নবীন সাংবাদিকৰ দ্বাৰা গঠিত সংবাদ প্রতিষ্ঠান 'কাজিৰঙা নিউজ নেটৱর্কে' বিগত বৰ্ষৰ দৰেই এই বছৰো ২১ নৱেম্বৰত  বিংশতিতম বার্ষিক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 'কাজিৰঙা বঁটা- ২০২৪' প্ৰদানৰ ব্যৱস্থা কৰিছে । 'কাজিৰঙা নিউজ নেটৱর্কে' আজি কৰা ঘোষণা মতে চলিত বৰ্ষৰ অসম ভিত্তিত ধনীল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নৱীন সাংস্কৃতিক কর্মী বঁটা লাভ কৰিছে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক নলবাৰীৰ ৰীমা দাসে ৷ প্রদ্যুত মহন্ত সোঁৱৰণি গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা লাভ কৰিছে দেৰগাঁৱৰ 'ডি ৱাই-৩৬৫' আৰু 'অসমীয়া প্রতিদিন'ৰ সাংবাদিক দীপক শইকীয়াই ৷ সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ নবীন সাহিত্য বঁটা লাভ কৰিছে গোলাঘাট, চুঙাজানৰ শিক্ষয়িত্রী, সু-লেখিকা, সামাজিক কর্মী দীপিকা ফুকনে ৷ একেদৰে 'কাজিৰঙা নিউজ নেটৱর্কে' প্ৰদান কৰি অহা মহেন্দ্র নাথ শইকীয়া আৰু ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি, গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা লাভ কৰিছে ক্রমে গোলাঘাট কমাৰবন্ধাৰ পাহী গগৈ (উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী) আৰু বোকাখাত সম জিলাৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ বিতোপন গগৈয় (হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী) য়ে আৰু ডাঃ গোবিন্দ চন্দ্ৰ কাকতি সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত ক্রীড়া বঁটা লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্রিকেট খেলুলৈ বোকাখাতৰ জীয়ৰী উমা ছেত্রীয়ে ।

আজি ঘোষণা কৰা এই বঁটা সমূহ অহা ২১ নৱেম্বৰত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব প্ৰতিষ্ঠা দিবসত প্রদান কৰা হ'ব বুলি কাজিৰঙা নিউজ নেটৱৰ্কে জনাইছে । 

**********