বোকাখাতৰ ধনশিৰিমুখত অঘটন : ফাকুৱাৰ আনন্দৰ মাজতেই কিশোৰৰ সলিল সমাধি :

বোকাখাতৰ ধনশিৰিমুখত অঘটন  : ফাকুৱাৰ আনন্দৰ মাজতেই কিশোৰৰ সলিল সমাধি  :

বোকাখাতৰ ধনশিৰিমুখত অঘটন  : ফাকুৱাৰ আনন্দৰ মাজতেই কিশোৰৰ সলিল সমাধি  : 

Aiidesh News  :  8th March  :

ফাকুৱাৰ আনন্দৰ মাজতে বোকাখাতৰ ধনশিৰিমুখৰ ফেৰীঘাটত এজন কিশোৰৰ সলিল সমাধি হয় ৷ জানিব পৰা মতে ফাকুৱা খেলি লগৰ সমনীয়াৰ সৈতে ধনশিৰিমুখৰ ফেৰী ঘাটৰ নদীত গা ধুবলৈ গৈছিল বোকাখাতৰ বহিখোৱা গাওঁৰ নবীন চন্দ্ৰ দলে নামৰ ১৩ বছৰীয়া কিশোৰ জন ৷ গা ধুবলৈ পানীত বুৰ মাৰিয়েই পানীতেউ নিৰুদ্দেশ হয় যুৱক জন ৷ বহু সময়ৰ পিচত নদী পানীত নিঠৰ দেহাটো উপঙি বালি চৰত লগাত স্থানীয় লোকে মৃতদেহ টো উদ্ধাৰ কৰে ৷ নিহত কিশোৰ জন বহিখোৱা গাওঁৰ হবিবৰ ৰাম দলেৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ ১০ বছৰীয়া নিহত কিশোৰ জনৰ মৃতদেহ সম্প্ৰতি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ৯ মাৰ্চৰ দিনা পুৱাতেই জিলা সদৰলৈ প্ৰেৰণ কৰিব বোকাখাত আৰক্ষীয়ে ৷ নিহত নবীন চন্দ্ৰ দলে বোকাখাতৰ ধনশিৰিমুখ জনজাতি মজলীয়া বিদ্যালয়ৰ ষষ্ঠ মান শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷৷

*******