বোকাখাতৰ প্ৰবীন খেলুৱৈ, অসম অন্দোলনৰ সেনানী বন কৰ্মী মন্দিৰা গগৈৰ মৃত্যু : বোকাখাতত শোকৰ ছাঁ :

বোকাখাতৰ প্ৰবীন খেলুৱৈ, অসম অন্দোলনৰ সেনানী বন কৰ্মী মন্দিৰা গগৈৰ মৃত্যু  : বোকাখাতত শোকৰ ছাঁ  :
Aiidesh Photos

Aiidesh News ⦂ 13 November -2024 ⦂

বোকাখাতৰ এগৰাকী সুদক্ষ খেলুৱৈ, অসমৰ মহিলা ফুটবল দলক প্রতিনিধিত্ব কৰা, গড়মূৰৰ গাওঁৰ বাসিন্দা মন্দিৰা গগৈৰ ১২ নবেম্বৰৰ পুৱা বোকাখাতৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় । খেলুৱৈ ৰূপে প্ৰতিষ্ঠা লাভ কৰা মন্দিৰা গগৈয়ে নিজৰ দক্ষতাৰ বাবেই বনসুৰক্ষা বাহিনীত চাকৰি লাভ কৰি শেষতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত আছিল । কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা মন্দিৰা গগৈক প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত গুৱাহাটীৰ এপল' চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । সোমবাৰে নিশা গুৱাহাটীৰ পৰা ঘৰলৈ আনি পুনৰ বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে । বোকাখাত অসামৰিক চিকিৎসালয়তে অৱশেষত আজি পুৱা মন্দিৰা গগৈয়ে শেষ নি:শ্বাস ত্যাগ কৰে ৷ অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ এগৰাকী সুদক্ষ ৰণুৱা বোকাখাতৰ ক্ৰীড়াৰ লগতে সমাজ জীৱনত সকলোৰে পৰিচিত অমায়িক মন্দিৰা গগৈৰ দেৱাৱসানৰ খবৰে সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পেলাইছে ৷

*********