সমগ্ৰ দেশৰ লগতে বোকাখাততো কেন্দ্ৰীয় ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন :

সমগ্ৰ দেশৰ লগতে বোকাখাততো  কেন্দ্ৰীয় ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  :
Aiidesh photo
সমগ্ৰ দেশৰ লগতে বোকাখাততো  কেন্দ্ৰীয় ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  :
সমগ্ৰ দেশৰ লগতে বোকাখাততো  কেন্দ্ৰীয় ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  :

সমগ্ৰ দেশৰ লগতে বোকাখাততো  কেন্দ্ৰীয় ভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন  : 


Aiidesh News  : 16 November  :


বোকাখাত মহকুমা প্রশাসনৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু  ইলেক্ট্রনিক মিডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন বোকাখাতৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই কাৰ্যসুচীত বোকাখাত মহকুমাৰ সমুহ সাংবাদিকে অংশ গ্ৰহন কৰে ৷ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি শৌভিক দত্তই ৷ অনুষ্ঠান বিভিন্ন সময়ত প্ৰান আহুতি দিয়া সাংবাদিক সকলক সোঁৱৰি মৌন প্ৰাৰ্থনাও কৰা হয় ৷


এই উপলক্ষে আয়োজিত 'সংবাদ মাধ্যমক কোনে ভয় নকৰে' শীৰ্ষক মত বিনিময় অনুষ্ঠানত বোকাখাতৰ  ভাৰপ্ৰাপ্ত মহকুমাধিপতি সৌভিক দত্ত , জে ডি এছ জি মহাবিদ্যালয় অধ্যক্ষ ড৹ জয়ন্ত গগৈ, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, মহকুমা স্বাস্থ্য বিষয়া ডা৹ ভাৰত ফুকন,  , বোকাখাত মহকুমা নিৰ্বাচনী বিষয়া পৰিস্মিতা দিহিঙীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা আৰু  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত জেষ্ঠ সাংবাদিক ড৹ বাবুলাল মোৰ, মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত,  কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, জেষ্ঠ সাংবাদিক অচ্যুত হাজৰিকা আৰু প্ৰদীপ হাজৰিকাই নিজৰ নিজৰ বক্তব্য ৰাখে ৷ 


বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া আঁত ধৰা এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি আৰু সমুহ সাংবাদিকক ফুলাম গামোছা আৰু উপহাৰৰ টোপোলাৰে আদৰণি জনায় ৷ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই উদেশ্য বাখ্যা কৰা অনুষ্ঠানৰ আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় বোকাখাতৰ  সহকাৰী আয়ুক্ত মনজিত দলেই ৷

*********