লামডিংত ২১ কোটি টকীয়া পানী যোগান আঁচনি ৰূপায়ণৰ নামত প্ৰহসন

লামডিংত ২১ কোটি টকীয়া পানী যোগান আঁচনি ৰূপায়ণৰ নামত প্ৰহসন I গজিছে বন । ২০১৩ চনত আধাৰ শিলা স্থাপন কৰা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ন নোহোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। লামডিংত সাধু কথাৰ দিশে এটা পানী যোগান আঁচনি। এক আছিল বুঢ়া বুঢ়ীৰ সাধু কথা হয়তো আপোনালোকে পাহৰিব পৰা নাই।ঠিক তেনেদৰে  লামডিংতো এক আছিল পানী যোগান আঁচনি।যিটো আঁচনি সন্দৰ্ভত লামডিং বাসী  জ্ঞাত যদিও আজিকোপতি নিৰ্গত হোৱা নাই এটোপোলাও পানী।ফলত পানী যোগান আঁচনি খন লামডিং বাসীৰ বাবে হৈ পৰিছে সাধু কথা।জানিব পৰা মতে আঁচনি খন ৰূপায়ণৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল ২১ কোটি টকা।।লামডিংৰ দৈয়াং নদীৰ পৰা পানী উত্তোলন কৰি লামডিং বাসীক বিশুদ্ধ পানী যোগান ধৰাৰ পৰিকল্পনাৰে ২০১৩ চনত তেতিয়াৰ জনস্বাস্থ্য মন্ত্ৰী গৌতম ৰয়ে স্থাপন কৰিছিল আধাৰ শিলা । প্ৰকল্পটো নিৰ্মানৰ বাবে ধার্য্য কৰা ২১ কোটি টকাৰে কাম আৰম্ভ হৈছিল যদিও আজিও সম্পূৰ্ণ হৈ উঠা নাই আঁচনি খন ।ফলত এই আঁচনি খন সোণৰ কণী দিয়া হাঁহত পৰিণত হৈছে ঠিকাদাৰৰ  বাবে।কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা প্ৰকল্পটোৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনত সম্পূৰ্ণ নোহোৱাত বিজেপিৰ দিনত সম্পূৰ্ন হব বুলি লামডিং বাসী আশাৰে অপেক্ষাৰত আছিল যদিও সেই আশাও এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। কিয়নো স্থানীয় বিধায়ক শিবু মিশ্ৰৰ অমনোযোগিতাৰ বাবে আঁচনি খন এতিয়া আধাতে মৰহি গৈছে।বিধায়ক জনৰ কাৰ্যকাল সমাপ্ত হবলৈ আৰু কেইবা মাহ আছে যদিও আঁচনি খন সম্পূৰ্ণ নোহোৱাত লামডিং বাসীৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধান নোহোৱাত এতিয়া দেখা গৈছে প্ৰতিক্ৰিয়াৰ।মুঠৰ ওপৰত আধাৰ শিলাৰ ৰাজনীতি কৰা নেতা সকলে সমষ্টি বাসীৰ সমস্যাক কিমান গুৰুত্ব দিয়ে অসম্পূৰ্ণ পানী যোগান আঁচনি এটা মাথোঁ উদাহৰণহে।আকৌ নিৰ্বাচন সমাগত গতিকে নেতাই এনেধৰনৰ বহু আধাৰ শিলা স্থাপন কৰি দিব চমক।কিন্তু এইবোৰ আধাৰ শিলাৰ অধিকাংশই এই পানী যোগান আঁচনিৰ দৰে আধাতে মৰহি যায়।এতিয়া প্ৰশ্ন উঠিছে ২১ কোটি টকীয়া পানী যোগান আঁচনি খন সম্পূৰ্ণ হৈ নুঠাৰ কাৰণ কি।বৃহৎ ধন ৰাশিৰ এই আঁচনি খন ৰূপায়ণৰ নামত সংঘটিত অনিয়মৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ কথা কোৱা চৰকাৰে লব নে কিবা ব্যৱস্থা।