কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়ন :

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীৰ  ক্ষেত্ৰ অধ্যয়ন  :
Aiidesh Photo
কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীৰ  ক্ষেত্ৰ অধ্যয়ন  :

Aiidesh News  : 06 April - 2024 :

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ১৫ জনীয়া ছাত্ৰ ছাত্ৰীৰ এটা দলে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চল দৰ্শন কৰে। বোকাখাতৰ কলাখোৱা গাওঁত অলপতে সমৰণি পৰা মহাবিদ্যালয়ৰ খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভুমিত পৰিবেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ বাবে সংস্থাপনৰ সুবিধা শীৰ্ষক আলোচনাৰ পিচতেই আজি ক্ষেত্ৰ অধ্যয়নৰ বাবে ছাত্ৰ ছাত্ৰীৰ দলটোয়ে অগৰাতলি বনাঞ্চল দৰ্শন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড৹ সোনালী ঘোষৰ পৰামৰ্শৰেই কৰা এই কাৰ্যসুচীত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জেষ্ঠ সমন্বয়ক অধ্যাপক প্ৰশান্ত শইকীয়া, অধ্যাপক মতিৰাম দাস আৰু পৰিবেশ কৰ্মী, সাংবাদিক উত্তম শইকীয়াই অংশ গ্ৰহন কৰে ৷ অগৰাতলি দৰ্শনৰ আৰম্ভনিতেই ছাত্ৰ ছাত্ৰীৰ দলটোয়ে অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাক সাক্ষাত কৰে ৷ বনাঞ্চলিক গসাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ বৈচিত্ৰতা বিষয়ে দলটোক অৱগত কৰে ৷ অগৰাতলি বনাঞ্চল দৰ্শনৰ বাবে যোৱা জে ডি এছ জি মহাবিদ্যালয়ৰ এই দলটোক চহলা বিল, ৰঙামতীয়া বনশিৱিৰ আৰু মাকলুং বন শিৱিৰত পৰিবেশ কৰ্মী উত্তম শইকীয়াই কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ উপৰিও নৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ সুবিধাৰ বিষয়ে পাঠদান কৰে ৷ উল্লেখ্য যে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীৰ দলে বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিডৰ আৱৰ্জনা পৰিস্কাৰ কৰাৰ লগতে বানপানীৰ সময়ত টাইম কাৰ্ড প্ৰদান কাৰ্যৰ উপৰিও যান বাহনৰ নিয়ন্ত্ৰনত বনকৰ্মী আৰু আৰক্ষীক সহায় কৰি আহিছে ৷

*********