প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিলে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ,নতুন ৰূপত হ’ব লকডাউন ৪.০

প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিলে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ,নতুন ৰূপত হ’ব লকডাউন ৪.০

চতুৰ্থবাৰলৈ দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোৰোণাৰ বিৰুদ্ধে যুঁজ দিয়া দেশৰ প্ৰতিজন নাগৰিকক প্ৰধানমন্ত্ৰীয়ে জনালে কৃতজ্ঞতা। দেশৰ অৰ্থনীতি উত্তৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ। লগতে ‘আত্মনিৰ্ভৰশীল ভাৰত’ অভিযান নামৰ এখন বিশেষ আঁচনিও ঘোষণা কৰে। আঁচনিখনৰ বিষয়ে সবিস্তাৰে বিত্তমন্ত্ৰীয়ে দুই এদিনৰ ভিতৰত দেশবাসীক জনাব বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ‘দেশৰ প্ৰতিজন নাগৰিক আত্মনিৰ্ভৰশীল হ’ব লাগিব।এই সংকটে ভাৰতলৈ বাৰ্তা কঢ়িয়াই আনিছে।আমাৰ সংকল্প সংকটতকৈও সবল হ’ব লাগিব। দেশবাসীক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈকে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো সৰু বৰ উদ্যোগক সামৰি লোৱাৰ লগতে কৃষক, মধ্যবিত্ত সকলো লোককে সামৰি ল’ব।পুনৰ বৃদ্ধি কৰা হ’ব লকডাউন। নতুন ৰূপত হ’ব লকডাউন ৪.০। আজি দেশবাসীক সম্বোধন কৰি এই ইংগিত দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১৮ মে’ৰ পূৰ্বে এই সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰা হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে আজি ৮ বজাত দেশবাসীক সম্বোধন কৰি বহু গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।