কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ প্লাৱিত : ১১ টা বন্যপ্ৰাণীৰ মৃত্যু : সষ্টম বনকৰ্মী :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ প্লাৱিত : ১১ টা বন্যপ্ৰাণীৰ মৃত্যু :  সষ্টম বনকৰ্মী :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ প্লাৱিত : ১১ টা বন্যপ্ৰাণীৰ মৃত্যু :  সষ্টম বনকৰ্মী :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ প্লাৱিত : ১১ টা বন্যপ্ৰাণীৰ মৃত্যু :  সষ্টম বনকৰ্মী :

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী : ৪০ শতাংশ প্লাৱিত : ১১ টা বন্যপ্ৰণীৰ মৃত্য়ু :

Aiidesh News : 29 August 2023  :

উজনি অসমৰ অৰুণাচলৰ চিয়াং আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আজি পুৱাৰে পৰা নিম্নগামী হৈছে যদিও নিমাতীঘাট আৰু ধনশিৰিমুখত উৰ্ধগামী হৈয়ে আছে জলপৃষ্ঠ ৷ যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানী প্ৰৱেশ কৰিছে ৷ বাঢ়নী পানীয়ে ইতিমধ্যেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪০ শতাংশ ভুমি প্লাৱিত কৰিছে ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ' অৰুণ বিঘ্নেশ জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ মুঠ ৫ টা বনাঞ্চলৰ ১৫৫ টা বনশিৱিৰ ৫৩ টা বনশিৱিৰ এলেকা প্লাৱিত হৈছে ৷ ইয়াৰে অগৰাতলি বনাঞ্চল ৩৬ টা বনশিৱিৰৰ ২৪ টা, কঁহৰা বনাঞ্চলৰ ৪৯ টা বনশিৱিৰৰ ১০ টা, বাগৰি বনাঞ্চলৰ ৩৮ টা বনশিৱিৰৰ ৮ টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ২৫ টা বনশিৱিৰৰ ৫ টা আৰু বোকাখাত বনাঞ্চলৰ ৭ টা বনশিৱিৰ ৬ টা বনশিৱিৰ এলেকা প্লাৱিত হৈছে ৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন সংমণ্ডলৰ ৩০ টা বনশিৱিৰৰ ভিতৰত ১০ টা বনশিৱিৰ এলেকা প্লাৱিত হৈছে যদিও নগাওঁ বন সংমণ্ডলৰ মুঠ ৩৮ টা বনশিৱিৰৰ এটাও বন শিৱিৰ এলেকা এতিয়াও প্লাৱিত হোৱা নাই ৷

বিষয়া গৰাকীয়ে দিয়া তথ্য মতে বিগত সময়চোৱাত কাজিৰঙাত মুঠ ১১ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ ইয়াৰ ভিতৰত প্ৰাকৃতিক কাৰণত ৩ টা গঁড়, বানপানীত ১ টা ম'হ, গাড়ীৰ চেপাত ১ টা অজগৰ সাপৰ, বানপানীত ২ টা, গাড়ী খুন্দাত ১ টা, উদ্ধাৰৰ পিচত চিকিৎসাধীন অৱস্থাত ২ টা আৰু প্ৰাকৃতিক কাৰণত ৰাষ্ট্ৰীয় উদ্যানখনত ১ টা খটীয়া পহুৰ মৃত্যু হৈছে ৷ উল্লেখিত তিনিওটা মৃত গঁড়ৰেই খৰ্গ সংগ্ৰহ কৰা হৈছে বুলিও ডি এফ অ' অৰুণ বিঘ্নেশে জনাইছে ৷

উল্লেখ্য যে ২৯ আগষ্টৰ পুৱা কেন্দ্ৰীয় জল আয়োগে দিয়া তথ্য মতে ডিব্ৰুগড়ত পুৱাৰে পৰাই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ বিপৰীতে ৩০ আগষ্টৰ পৰা নিমাতীঘাট আৰু ধনশিৰিমুখতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ পটভুমিত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানতো জলপৃষ্ঠ হ্ৰাসৰ সম্ভাৱনা আছে ৷ এই প্ৰতিবেদন প্ৰস্তুতৰ সময়ত ডিব্ৰুগড়ত বিপদ সীমাৰ তললৈ নামিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷

************