লক ডাউনৰ মাজতেই কাষৰীয় জনসাধাৰণৰ পশুধনৰ সুৰক্ষাৰ বাবে ৰোগ প্ৰতিষেধক দিয়াৰ অভিযান আৰম্ভ কাজিৰঙা কৰ্তৃপক্ষৰ :

AIIDESH.NEWS : 01 May :

দেশৰ লক ডাউনৰ মাজতেই অসমত প্ৰাদুৰ্ভাৱ ঘটিছে স্বোৱাইন ফিভাৰৰ ৷ উজনি অসমৰ বিভিন্ন স্থানত এই ৰোগত আক্ৰান্ত হৈছে বহু গাহৰি ৷ এই ঘটনাই  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে ৷ এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবৰ বাবে আজি বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকেও কাজিৰঙাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে । এনে পটভূমিত লক ডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁ আৰু ব্ৰহ্মপুত্ৰৰ চাপৰি বোৰত থকা গৰু ম'হক প্ৰতিষেধক দিয়াৰ অভিযান আজিৰে পৰা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷  বোকাখাতৰ মহকুমা পশু চিকিৎসা বিভাগৰ সহযোগত আৰম্ভ কৰা এই অভিযানৰ প্ৰথম দিনা ধোৱাআটি গাঁওৰ ৩৫৪ টা গৰুক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ গৰু ম'হক প্ৰদান কৰা ট্ৰায়'ভেক নামৰ এই প্ৰতিষেধকে গাঁওবোৰৰ পশুধনক গলফুলা, জহৰবাক আৰু চবকাৰ দৰে ৰোগৰ পৰা প্ৰতিৰোধ কৰিব বুলি পশু চিকিৎসকে জনাইছে ৷ পৰৱৰ্তী সময়ত অহা ২ মে'ত ভক্তে চাপৰি আৰু গাভৰুকে ধৰি ছটা চাপৰিত প্ৰতিষেধক প্ৰদান কৰি কাজিৰঙাৰ কাষৰীয় গাঁওবোৰ এই প্ৰতিষেধক দিয়া হ'ব বুলি বন বিভাগৰ সুত্ৰত প্ৰকাশ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰম্ভ কৰা এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বনাঞ্চলৰ কাষৰীয় জনসাধাৰণৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ যাৰ ফলত জনসাধাৰণৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীকো সুৰক্ষা প্ৰদান কৰিব পৰা যাব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷ উল্লেখ্য যে বিগত বছৰত কাজিৰঙা কৰ্তৃপক্ষই কাষৰীয় গাঁওৰ প্ৰায় ১৫ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰিছিল ৷ আজিৰে পৰা আৰম্ভ কৰা এই প্ৰতিষেধক প্ৰদানৰ দহ জনীয়া দলটোৰ নেতৃত্ব দিয়ে বোকাখাতৰ পশু চিকিৎসা কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ জানমনি শ্যাম আৰু ডা৹ চৈয়দ মেহতাজে ৷ প্ৰতি বছৰতে কৰি অহা এই অভিযানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক , কৰবেট ফাউণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই সহযোগিতা আগবঢ়াই আহিছে ৷