ব্ৰহ্মপুত্ৰৰ চাপৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু পশুচিকিৎসা আৰু পশু পালন বিভাগৰ উদ্যোগত পশুধনক প্ৰতিষেধক প্ৰদান :

Aiidesh News  : 25 February-2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত কাষৰীয় চাপৰিত আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান আজি পুৱা গাভৰু চাপৰিত সম্পন্ন হয় ৷ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গাভৰু চাপৰিত বোকাখাতৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ সহযোগত চলোৱা এই অভিযান কালত গাভৰু চাপৰিত মুঠ ৪৫ টা খুটিৰ ১৬২৪ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰে ১২৮৮ টা গৰু আৰু ৩৩৬ টা ম'হ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াৰ তত্বাৱধানত বোকাখাত বনাঞ্চলৰ অধীনৰ গাভৰু চাপৰিত চলোৱা প্ৰতিষেধ প্ৰদানৰ এই কাৰ্যসুচীত গোলাঘাট জিলা পশু চিকিৎসা আৰু পশুপালন বিভাগৰ বোকাখাত কাৰ্যালয়ৰ চাৰি গৰাকী পশুচিকিৎসা ক্ষেত্ৰ সহায়ক আৰু বোকাখাতত থকা পশু চিকিৎসা ক্ষেত্ৰ সহায়ক বিদ্যালয়ৰ ১২ গৰাকী প্ৰশিক্ষাৰ্থী ছাত্ৰই অংশগ্ৰহন কৰি পশুধনক প্ৰতিষেধক প্ৰদানত সহায় কৰে ৷ 

উল্লেখ্য যে বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু গাভৰু নামৰ চাপৰিৰ মুঠ ৮০ টা খুটিৰ ২১২০ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰিছে অভিযানত যোৱা পশু চিকিৎসক আৰু বিভাগীয় ক্ষেত্ৰ সহায়ক দলে ৷ ইয়াৰে টা ৪৪২ টা ম'হ আৰু ১৬৭৮ টা গৰু বুলি জানিবলৈ দিছে দলটোয়ে ৷ পৰৱৰ্তী সময়ত ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰৰ লালুং চাপৰিত পশুধনৰ প্ৰতিষেধক প্ৰদান কৰিব বুলি উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷

********