কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনি সকলোতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ : ২৫ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনি সকলোতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ  : ২৫ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনি সকলোতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ ২৫ জুনলৈকে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা :

Aiidesh News  : 22 June 2023 : 

কেন্দ্ৰীয় জল আয়োগৰ বিভিন্ন লেভেল ষ্টেচনৰ পৰা সংগৃহীত তথ্যৰ আধাৰত উজনিৰ বান পৰিস্থিতিৰ সম্পৰ্কত এইদেশৰ এক বিশেষ প্ৰতিবেদন ৷

ধনশিৰিমুখ -

বোকাখাতৰ ধনশিৰিমুখত নিম্নগামী হৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আজি পুৱাৰে পৰা ঈৰ্ষৎ উৰ্ধগামী হৈছে ৷ কেন্দ্ৰীয় জল আয়োগৰ পৰা পোৱা তথ্য ‌২২ জুনৰ পুৱা ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সংকেত সীমাৰ ০.৫৯ মিটাৰ আৰু বিপদসীমাৰ ০.৪১ মিটাৰ তলত আছে আৰু পানী ধীৰ গতি বৃদ্ধি পাই আছে ৷ যোৱা নিশাটোৰ ভিতৰত ধনশিৰিমুখত ০.০৪ মিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ২৫ জুনলৈকে জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ সম্ভাৱনা যদিও ২৫ জুনৰ বিয়লিলৈ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা ৷

নিমাতীঘাট -

নিমাতীঘাটত যোৱা নিশাটোৰ ভিতৰত ০৫৪ মিটাৰ উৰ্ধগামী হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ২২ জুনৰ পুৱা নিমাতীঘাটৰ জলপৃষ্ঠই বিপদ সীমাৰ ০.০৬ মিটাৰ ওপৰলৈ উঠিছে আৰু জলপৃষ্ঠ বৃদ্ধি পাই আছে ৷ পুৰ্বানুমান মতে ২৪ জুনৰ বিয়লিৰে পৰা নিমাতীঘাটৰ জলপৃষ্ঠ  পুনৰ হ্ৰাস পোৱাৰ সম্ভাৱনা ৷

ডিব্ৰুগড়  -

২২ জুনৰ পুৱা ডিব্ৰুগড়টো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ২২ জুনৰ পুৱা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সংকেত সীমাৰ ০.৫৩ মিটাৰ ওপৰত আৰু বিপদ সীমাৰ ০.৪৭ মিটাৰ তলত আছে ৷ যোৱা নিশাটো ডিব্ৰগড়ত জলপৃষ্ঠ ০.১৫ মিটাৰ বৃদ্ধি পাইছে ৷ পুৰ্বানুমান মতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ২৪ জুনৰ পুৱাৰে পৰা পুনৰ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

পাচিঘাট -

২১ জুনৰ নিশা পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ ০.৬০ মিটাৰ বৃদ্ধি পাইছে ৷ পাচিঘাট জলপৃষ্ঠ বৃদ্ধি কিছু পৰিমানে প্ৰভাৱিত কৰিব নামনিৰ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে ২৪ জুনৰ পৰা পাচিঘাটৰ জলপৃষ্ঠ ক্ৰমে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে  ৷

ইফালে ২২ জুনৰ পুৱা অৰুণাচলৰ টুটিংত ০.৪৩ মিটাৰ আৰু ইংকিয়ংতো ০.৫৯ মিটাৰ বৃদ্ধি পাইছে চিয়াংৰ জলপৃষ্ঠ ৷

বৃষ্টিপাত -

প্ৰাপ্য তথ্য মতে ২১ জুনৰ নিশা বোকাখাতৰ ধনশিৰিমুখত ২.৭ মিলিমিটাৰ,  নিমাতীঘাটত ১ মিলিমিটাৰ, ডিব্ৰুগড়ত ০ মিলিমিটাৰ, অৰুণাচলৰ পাচিঘাটত ২৭.২৯ মিলিমিটাৰ, ইংকিয়ংত ৩১ মিলিমিটাৰ আৰু টুটিংত ১৮ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ৷

********