বোকাখাতত বেচৰকাৰী সংগঠন 'গ্ৰাছ'ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান

বোকাখাতত  বেচৰকাৰী সংগঠন 'গ্ৰাছ'ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান
Photo : Uttam Saikia
বোকাখাতত  বেচৰকাৰী সংগঠন 'গ্ৰাছ'ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান

বোকাখাতত  বেচৰকাৰী সংগঠন 'গ্ৰাছ'ৰ পঞ্চম বাৰ্ষিক বঁটা প্ৰদান আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান :


AIIDESH NEWS. 28 September : 


পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে কাম কৰা বোকাখাতৰ বেচৰকাৰী সংগঠন 'গ্ৰাছ' ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈ যায় । যোৱা ৫ জুনতে গ্ৰাছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব লগীয়া এই অনুষ্ঠান কভিড ১৯ ৰ সংক্ৰমণৰ বাবে নিৰ্দিষ্ট তাৰিখৰ পৰিৱৰ্তে দেওবাৰে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা হয় । এই উপলক্ষ্যে পুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতেই উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্মৃতি তৰ্পণ কৰে । সাংবাদিক প্ৰদ্যুত মহন্তই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানৰ পৌৰহিত্য কৰে বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই । উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ।  যুৱশিল্পী ৰঞ্জিত কলিতাই কামৰূপীয়া লোকগীতৰে আৰম্ভ হোৱা মুল কাৰ্যসুচী প্ৰাকক্ষনত সাম্প্ৰতিক কভিড সংক্ৰমণ আৰু অনান্য কাৰণত মৃত্যু বৰণ কৰা বোকাখাতৰ সদ্যপ্ৰয়াত লোক সকলৰ আত্মাৰ সদ্গতি কামনা কৰি মৌণ প্ৰাৰ্থনা কৰা হয় । অনুষ্ঠানতে সাংবাদিক বদন দুৱৰা সম্পাদিত গ্ৰাছৰ মুখপত্ৰ 'শ্যামলিমা'ৰ শুভ উন্মোচন কৰে গোলাঘাটৰ জেষ্ঠ সাংবাদিক তথা  পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে । আজিৰ অনুষ্ঠানত ২০২০ বৰ্ষৰ ধনীল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্রীণ এৱার্ড’ কমাৰগাঁও পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাক, নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱার্ড’ কাজিৰঙাৰ ৰূপজ্যোতি শইকীয়া গগৈক , 'গ্ৰাছ নিৰ্মল সেউজ বঁটা' দিৰিং চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ক, প্রথমবাৰৰ বাবে আগবঢ়োৱা কমলেশ্বৰ বৰুৱা সোঁৱৰণী 'গ্ৰাছ ফার্মাৰ এৱাৰ্ড’ বাদুলীপাৰ কানফলাৰ আদৰ্শ কৃষক ডিম্বেশ্বৰ গগৈক আৰু ‘গ্ৰাছ সমাজ হিতৈষী বঁটা’ দেৰগাঁৱৰ সমাজকৰ্মী আলহাজ ৰাজুমনি হুছেইনক প্ৰদান কৰা হয় । অনুষ্ঠানত বিশিষ্ট কবি নিজৰা বৰঠাকুৰ , মহকুমা পশু চিকিৎসক ডা৹ ৰবীন বৰা , গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰাকে ধৰি  বিষয় ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ৷ অনুষ্ঠানত বঁটা প্ৰাপক আলহাজ ৰাজুমনি হুছেইনৰ ব্যক্তিগত উদ্যোগত তৈয়াৰী হেণ্ড চেনিটাইজাৰ উপস্থিত সমূহ ব্যক্তিৰ মাজত বিতৰণ কৰা হয় ।