বোকাখাতত ২৩ মে'ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ - ২০২৪ :

বোকাখাতত ২৩ মে'ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ - ২০২৪ :
Aiidesh Photo

Aiidesh News  : 20 May - 2024  : 

নিৰক্ষৰতা দূৰীকৰণ, বিজ্ঞান জনপ্রিয়কৰণ, সামাজিক উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে ১৯৯০ চনৰ ১৮ জুলাইত জন্ম লাভ কৰে জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত অহা ২৩, ২৪ আৰু ২৫ মে’’ত তিনিদিনীয়া কাৰ্য্য সূচীৰে বোকাখাত জাতীয় বিদ্যালয় বাকৰিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ '২০২৪ অনুষ্ঠিত হ’ব । এই উপলক্ষে আজি বোকাখাতৰ জাতীয় বিদ্যালয়ত আয়োজিত এক সংবাদ মেলত এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ বিষয়ে সদৰি কৰে আয়োজক সকলে ৷ আয়োজক সমিতিৰ হৈ প্ৰাক্তন অধ্যক্ষ শৰৎ দত্ত, বিদ্যুত শইকীয়া, বিদ্যুত বৰুৱা, হৰিপ্ৰসাদ নাথ, ইঞ্জু আহমেদ আৰু সোনেশ্বৰ নৰহে এই সংবাদ মেলত অংশ গ্ৰহন কৰে ৷

আয়োজক মণ্ডলীয়ে জনোৱা মতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫০ গৰাকী শিশুয়ে অংশগ্রহণ কৰিব লগা এই সমাৰোহ খনি ২৩ মে’ বৃহস্পতিবাৰে পূৱা ৯ বজাত পতাকা উত্তোলন কাৰ্য্য সূচীৰে শুভাৰম্ভ কৰা হ’ব । প্ৰথম দিনৰ কাৰ্যসুচীত প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বীৰুবালা ৰাভা সোঁৱৰণী এই সমাৰোহৰ পূৱা  ৯.৩০ বজাত দুয়ো গৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ৷ পৰৱৰ্তী সময়ত কাজিৰঙা শিক্ষণকোণ, গ্ৰন্থ মেলা, আৰু বোকাখাতৰ যুৱবিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমী সকলৰ কৰ্মৰাজিৰে আয়িজত হ'ব লগা প্ৰদৰ্শনীৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৷ সমাৰোহৰ বাবে সমবেত হোৱা অতিথি শিশু সকলক কাজিৰঙা ভ্ৰমন কাৰ্য্য সূচিৰে প্ৰথম দিনৰ কাৰ্যসুচীৰ অন্ত পৰিব বুলি আয়োজক সকলে অৱগত কৰে ৷  দ্বিতীয় দিনা চাৰিটা শিক্ষন কোণৰ উপৰিও পূৱা ১০ বজাত বোকাখাত চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত " অন্ধবিশ্বাস দূৰীকৰণত আমাৰ কৰণীয়" শীৰ্ষক সজাগতা অনুষ্ঠানৰ লগতে বোকাখাত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ অনুষ্ঠান আয়োজন কৰা হ'ব । সমাৰোহৰ অন্তিম দিনা এটা শিক্ষন কোণৰ পিচতে পুৱা মুকলি সভা আৰম্ভ হ’ব । মুকলি সভাতে   সমাৰোহ খনিৰ স্মৰনিকা " মুক্তমন" উন্মোচন কৰিব 'এচটেক' ৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই, লগতে শান্তি স্বৰূপ ভাটনাগৰ পূৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী বিনয় কুমাৰ শইকীয়াই শিশু সকলৰ লগত মত বিনিময় কৰিব বুলিও আজিৰ প্ৰেছ মেলত আয়োজক সকলে অৱগত কৰে । শিশু সকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে বিয়লিলৈ  তিনিদিনীয়া এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ '২০২৪ ৰ অন্ত পৰিব বুলিও জানিবলৈ দিয়ে । এই সমাৰোহৰ সকলো কেইদিনৰ কাৰ্য্যসূচীতে বোকাখাতৰ সমূহ শিক্ষানুষ্ঠান আৰু ৰাইজক অংশগ্রহণ কৰি সমাৰোহ খনি সফল কৰি তুলিবলৈ আজিৰ সংবাদ মেলত অভ্যৰ্থনা সমিতিয়ে আহ্বান জনায় ।

***********