নাহৰফুটুকীৰ আক্ৰমনত গোলাঘাটৰ ঢলাগুৰি চাহ বাগিছাত এজন লোক আহত :

নাহৰফুটুকীৰ আক্ৰমনত গোলাঘাটৰ ঢলাগুৰি চাহ বাগিছাত এজন লোক আহত  :

নাহৰফুটুকীৰ আক্ৰমনত গোলাঘাটৰ ঢলাগুৰি চাহ বাগিছাত এজন লোক আহত  : 


AIIDESH.NEWS.1 May :


গোলাঘাট জিলাৰ মৰঙিৰ ঢলাগুৰি চাহ বাগিছাত নাহৰফুটুকী বাঘৰ আক্ৰমনত শুক্ৰবাৰৰ দিনা এজন লোক  আহত হয় ৷ শ্ৰমিক দিৱসৰ উপলক্ষে বাগিছাৰ কাম বন্ধ থকাৰ বাবে ঢলাগুৰি চাহ বাগিছাৰ  অনুপ কাৰোৱা নামৰ লোক জনে অন্য দুজন লোকৰ সৈতে গবাগিছাৰ মাজত কচুশাক বুটলিবলৈ  গৈছিল ৷ বাগিছাত কচুশাক বুটলোতেই  নাহৰফুটুকী বাঘে অতৰ্কিতে আক্ৰমণ কৰে ব্যক্তি কেইজনক । বাঘৰ আক্ৰমণৰ পৰা বাকী দুজন ব্যক্তিয়ে পলায় সাৰে যদিও অনুপ কাৰোৱাৰ নাহৰফুটুকী বাঘৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত হয় ৷ বাঘে ব্যক্তিজনৰ বুকুত আঘাত কৰে ৷ ঘটনাৰ পাচতেই  অঞ্চলটোৰ এচাম লোকে নাহৰফুটুকী বাঘটোক মাৰিবলৈ হাতত দা-কুঠাৰ লৈ ওলাই আহে । নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰভাবে আঘাত অনুপ কাৰোৱাক চিকিৎসাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ সম্প্ৰতি গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অনুপ কাৰোৱা ৷