কাজিৰঙাৰ পঞ্চম পক্ষী গণনাৰ পৰিসংখ্যা ঘোষণা : দেশৰ ভিতৰত দ্বিতীয় বৃহৎ পক্ষী ক্ষেত্ৰত পৰিগনিত হ'ল কাজিৰঙা : সংবাদ মেলত ঘোষণা সঞ্চালক ড৹ সোনালী ঘোষৰ :

 

Aiidesh News : 12 January 2024 :  

পঞ্চম পক্ষী গণনাৰ পিচত পোৱা পৰিসংখ্যা ভাৰতৰ ৫ খন আগশাৰী পক্ষীক্ষেত্ৰ ভিতৰত অন্যতম হিচাবে পৰিগণিত কৰিলে ৷ দেশৰ ভিতৰতে প্ৰথম চিল্কা হ্ৰদৰ পিচতে কাজিৰঙা দ্বিতীয় পক্ষীক্ষেত্ৰ হিচাবে পৰিগনিত হ'ল ৷ চিল্কা হ্ৰদৰ ১.১৩ লাখ পক্ষীৰ বিপৰীতে পঞ্চম পক্ষী গণনাৰ পিচত ৮৪,৮৩৯ পক্ষীৰ উপস্থিতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰতে পক্ষী দ্বিতীয় বৃহতম পক্ষী ক্ষেত্ৰ হিচাবে পৰিগনিত হ'ল ৷ আজি কাজিৰঙাৰ কঁহৰাত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ এই পৰিসংখ্যাৰে এতিয়া কাজিৰঙাক ৰামচাৰ ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হ'ব বুলিও জনায় বিষয়া গৰাকীয়ে ৷

আজি কঁহৰাৰ মহি মিৰি প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চৰ ৯ আৰু ১০ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা পঞ্চম পক্ষী গণনাৰ পৰিসংখ্যা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলৰ গুৰুত্বপুৰ্ণ মুঠ ১১৫ খন বিলত কৰা গননা মতে পঞ্চম পক্ষী গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ৮৪,৮৩৯ টা বিভিন্ন প্ৰজাতি চৰাই পোৱা বুলি এই সংবাদ মেলত সদৰি কৰে সঞ্চালক ড৹ সোনালী ঘোষে ৷ আজি ঘোষণা কৰা পৰিসংখ্যা মতে শেষতীয়া গণনাত কাজিৰঙাত ১২৭০ টা প্ৰজাতিৰ ৮৪,৮৩৯ টা চৰাই পোৱা গৈছে ৷ এই পৰিসংখ্যা যোৱা ১০ জানুৱাৰীত তিনিটা বন সংমণ্ডলৰ মুঠ ১১৫ টা জলাশয় বা বিলত জন ১০৮ গৰাকী গণনাকাৰী, ১৭৬ গৰাকী স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰী আৰু তিনি শতাধিক বনকৰ্মীয়ে গণনা কৰি প্ৰস্তুত কৰিছিল ৷ এই পৰিসংখ্যাৰ তথ্য মতে ২০২১-২২ বৰ্ষৰ চতুৰ্থ পক্ষী গণনাৰ তুলনাই এই বাৰৰ পঞ্চম পক্ষী গণনাত ১৮০৪৫ টা চৰাই বেছিকৈ পোৱা গৈছে বুলি সঞ্চালক গৰাকীয়ে আজিৰ সংবাদ মেলত সদৰি কৰে ৷ 

সংবাদ মেলৰ দিয়া তথ্য মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলত বিভিন্ন প্ৰজাতিৰ মুঠ ৩৭৬০৬ টা, নগাওঁ বন্যপ্ৰাণী সংমণ্ডলত ৩৫২৩২ টা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ১২০০২ টা চৰাই পোৱা গৈছে ৷ এই হিচাবত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ১৩৫৯ টা,  নগাওঁ বন সংমণ্ডলত ১০৬৪২ টা চৰাই বেছিকৈ পোৱাতো শুভ লক্ষন বুলি জনায় ৷ এইবাৰৰ গণনাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ নগাওঁ বন সংমণ্ডলৰ ৰৌমাৰী বিলত সৰ্বাধিক ১৯৩০১ টা চৰাই, অগৰাতলি বনাঞ্চলৰ চহলা বিলত সৰ্বাধিক সংখ্যাৰ ১৩০৮৪ টা ধৃতৰাজ চৰাইৰ পোৱা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পঞ্চম পক্ষী গণনাত গণনাকাৰীৰ দলে গাল বিল টাৰ্ণ ,বিয়েৰ প’চাৰ, হোৱাই ফ্ৰন্টেত গুল, গ্ৰেটাৰ স্কুপ, ব্লেক হেডেড গাল, কটন পিগমী গুজ, গ্ৰেট ক্ৰেচটেড গ্ৰেবৰ আৰু বৈকাল টিলৰ দৰে অতি বিৰল প্ৰজাতিৰ পক্ষীৰ উপকিও বিনটুৰুং ৰ দৰে বিৰল প্ৰজাতিৰ প্ৰাণী প্ৰত্যক্ষ কৰি নথিভুক্ত কৰিবলৈ সক্ষম হয় ৷ এই প্ৰজাতি বোৰৰ ভিতৰত বিনটুৰুং নামৰ প্ৰাণী আৰু গাল বিল টাৰ্ণক কাজিৰঙাত প্ৰথম বাবৰৰ বাবে প্ৰত্যক্ষ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ গণনাৰ সময়ত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত লাভ কৰা তথ্য সমুহ সম্প্ৰতি বিশ্লেষণ কৰি থকা হৈছে ৷ বিশ্লেষণৰ পিচত এই গণনাৰ এক প্ৰতিবেদ প্ৰকাশ কৰাৰ হ'ব বুলি জনায় সঞ্চালক ড৹ সোনালী ঘোষে ৷ ইফালে জন বিজ্ঞানক গুৰুত্ব দি সম্পন্ন কৰা কাজিৰঙাৰ এই পঞ্চম পক্ষী গণনাত সহযোগ কৰাৰ বাবে স্থানীয় জনসাধাৰণ, দল সংগঠন আৰু সকলো শিক্ষানুষ্ঠানক ধন্যবাদ জ্ঞাপন কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷

************