পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভোমোৰাগুৰি পৰিৱেশ পৰ্যটন এলেকা :
Aiidesh News : 10 November - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত ভোমোৰাগুৰি পৰিৱেশ পৰ্যটন এলেকা চলিত পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে ৯ নৱেম্বৰত পুনৰ মুকলি কৰা হয় । এই উপলক্ষে ভোমোৰাগুৰিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভা উপস্থিত থাকি বিশ্বৰ পৰ্যটকসকলৰ বাবে এই পৰিৱেশ-পৰ্যটন অঞ্চলটো আনুষ্ঠানিকভাৱে মুকলি কৰে । বিশ্ব প্ৰকৃতি নিধিৰ বিশেষ সহযোগত আয়োজিত আজিৰ অনুষ্ঠানৰ আৰম্ভনীতেই কাজিৰঙাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় । ইদ্বোধনী অনুষ্ঠানত স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ প্ৰতিনিধি আৰু স্থানীয় বিদ্যালয়ৰ ৩০ জনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষ, বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ ঋতু পৱন বৰা, নামেৰী,কাজিৰঙা, নগাওঁ আৰু সামাজিক বনানিকৰণ বিভাগৰ ডি এফ অ’ৰ উপৰিও বনাঞ্চলিক বিষয়া সকল আৰু বনকৰ্মীৰ লগতে স্থানীয় গাওঁ পঞ্চায়তৰ প্ৰতিনিধিও উপস্থিত থাকে ।
ভোমোৰাগুৰিৰ এই পৰিৱেশ-পৰ্যটন অঞ্চলটোত পৰ্যটকৰ বাবে আকৰ্ষণ হৈছে জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত নৌকা বিহাৰ আৰু বিলুপ্তপ্ৰায় নদী ডলফিন দৰ্শন । অঞ্চলটোত কেতিয়াবা বিলুপ্তপ্ৰায় ঘৰিয়ালৰ দৰ্শন সুযোগে পাব পাৰে পৰ্যটকে । লগতে ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ সেউজীয়া পাহাৰ আৰু আকৰ্ষণীয় শিলৰ গঠনৰ মনোৰম দৃশ্য উপভোগ কৰাৰো সুযোগ পাব পৰ্যটকে । আজিৰ অনুষ্ঠানতে চলিত পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধাৰ বাবে ভোমোৰাগুৰিত স্থানীয় পাৰিপাৰ্শ্বক উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত পৰম্পৰাগত খাদ্যৰ শিহু নামৰ এখন ৰেষ্টুৰেণ্ট আৰু এটা ইক'-শ্বপো আজিৰে পৰা মুকলি কৰিছে । অনুষ্ঠানৰ শেষত পৰ্যটক আৰু ছাত্ৰ ছাত্ৰীক নৌকা বিহাৰ কৰা হয় ।
**********







