কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ  :
Aiidesh photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ  :

Aiidesh News  : 1 December : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ সীমাত অৱস্থিত আগৰাতলি বনাঞ্চলত আজি দুপৰীয়া চোবা বনশিৱিৰ এলেকাত এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতেদেহ উদ্ধাৰ হয় ৷ চোবা বনশিৱিৰৰ কৰ্মৰত বনকৰ্মীয়ে আজি দুপৰীয়া পহৰাৰ সময়ত বনাঞ্চলৰ মাজত ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ বনকৰ্মীয়ে বাঘৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে ৷ বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ইতিমধ্যেই মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ নেতৃত্বত মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ৷ আজি বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকাৰ নেতৃত্বত চিকিৎসকৰ দলে মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৰোনোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰাৰ উপৰিও গৱেষণাগাৰৰ পৰীক্ষাৰ বাবে মৃত বাঘটোৰ শৰীৰৰ নমুনাও সংগ্ৰহ কৰে ৷ মৃত ঢেকীয়াপতীয়া বাঘটোৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিনো দেখা পোৱালা চায় বাঘটোৰ মৃত্যু পাৰস্পৰিক যুঁজত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ অৱশ্যে মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিচতহে ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

*******