বোকাখাতৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা : এগৰাকী যুৱতীৰ মৃত্যু :

বোকাখাতৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা  : এগৰাকী যুৱতীৰ মৃত্যু  :
Google

Aiidesh News : 19 February 2024 : 

বোকাখাতৰ সমীপৰ পানবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘৰ্টিত হয় । ঘটনাত এগৰাকী যুৱতীৰ ঘটনাস্থলীতে নিহত হোৱাৰ উপৰিও এজন যুৱক গুৰুত্বৰভাৱে আহত হয় ৷ প্ৰাপ্য তথ্য মতে আজি পুৱা কাজিৰঙাৰ ৰঙাজানৰ পৰা এ এছ ০৫ ইউ ৬০৩২ নম্বৰৰ বাইক খনেৰে আনচু গোৱলা আৰু তেওঁ ভাতৃ অৰবিন্দ গোৱলাই কাৰ্বি আংলংৰ দেইথৰৰ এটা মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰত সম্পৰ্কীয় পৰীক্ষাৰ্থীৰ খবৰ ল’বলৈ গৈ থকা অৱস্থাতে পানবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে । ফলত ঘটনাস্থলীতে  নিহত হয় আনচু গুৱালা নামৰ যুৱতী গৰাকী । ঘটনাত গুৰুত্বৰভাৱে আহত হয় ভাতৃ অৰবিন্দ গুৱালা ৷ বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত অৰবিন্দ গোৱলাক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহবিদ্যালয়লৈ  প্ৰেৰণ কৰে ।

ইফালে কলিয়াবৰৰ হাৰমতিত সংঘৰ্টিত অন্য এক পথ দূৰ্ঘটনাত এ এছ ০৫ এ চি ১৬০০ নম্বৰৰ যাত্ৰীবাহী বাছ আৰু এ এছ ০১ ই ৱাই ৬৬৬৫ নম্বৰৰ বিলাসী কিয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক ৷ আহত দুয়োকে জখলবন্ধাৰ চিকিৎসায়লৈ প্ৰেৰণ কৰা হয় ৷ 

*********